/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/d3cb770a-2c3c-4c54-a995-2bcded798fb0.jpg)
মূল্যবৃদ্ধিত কোঙা হৈছে সাধাৰণ ৰাইজ। কেৱল পেট্ৰ'লৰে মূল্যবৃদ্ধি হোৱা নাই। অত্যাৱশ্যকীয় সমগ্ৰী, শাক-পাচলিৰ মূল্যও আকাশলংঘী হৈছে। দেওবাৰৰ দিনা প্ৰায় মানুহ ওলাই যায় বজাৰ কৰিবলৈ। শাক-পাচলিৰ বজাৰতো জুই লাগিছে। চাওঁতা, নিয়ন্ত্ৰণ কৰোতা কোনো নাই। যাৰ যি ইচ্ছা সেইমতেই লৈছে দাম। গুৱাহাটীত শাক-পাচলিৰ কি দাম? 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ এক বিশেষ প্ৰতিবেদন।
মূল্যবৃদ্ধি এতিয়া এক ডাঙৰ চিন্তা। সাধাৰণ লোকৰ বাবে জীৱন নিৰ্বাহ কৰাতো এতিয়া ডাঙৰ সমস্যা। সাধাৰণতে শীত কালৰ আৰম্ভণি সময়চোৱাত শাক-পাচলিৰ মূল্যৰ হ্ৰাস পায়। কিন্তু এইবাৰ বজাৰত শাক পাচলিৰ মূল্য কম হোৱাৰ নাম-গোন্ধই নাই। ব্যৱসায়ীয়ে ইচ্ছা অনুসৰি মূল্যবৃদ্ধি কৰা বুলি অভিযোগ তোলে গ্ৰাহকে। কিন্তু গুৱাহাটীত সেই অভিযোগৰ প্ৰতি দৃষ্টি কাৰো আজৰি নাই। দেওবাৰৰ দিনা মহানগৰীৰ চাৰি স্থানত বহা বজাৰত শাক-পাচলিৰ মূল্য শুনিলে আপুনি আচৰিত হ'ব। উপায়বিহীন হৈ ব্যৱসায়ীয়ে কোৱা দামতে বয়-বস্তু কিনিব লগা হৈছে গ্ৰাহকে। জোনালীৰ ফুটপাথৰ ওপৰত বহা বজাৰৰ দৃশ্য এয়া-
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/5a6955a5-c5f2-4d6d-b9e4-26bf9bc291c3.jpg)
এজন গ্ৰাহকে ক্ৰয় কৰিছে আধা কেজি গাজৰ। ২৫০ গ্ৰামত ৩০টকা দৰত আধা কেজি গাজৰৰ বাবে ৬০টকা ভৰিব লগা হৈছে এইজন গ্ৰাহকে। ডাঙৰ আকৃতিৰ চাৰিটা গাজৰেৰে হৈছে আধা কেজি। অৰ্থাৎ এটাকৈ গাজৰত তেওঁ ভৰিব লগা হ'ল ১৫টকাকৈ। আন বজাৰসমূহতো একেই দাম। ক'ৰবাতহে দুই এটকা ইফাল-সিফাল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/99b1823b-b4f4-4b43-a0d1-40bbdf0a1913.jpg)
এটা কলডিলৰ মূল্য ৫০ৰ পৰা ৬০ টকা। তিয়হৰ কেজি ৬০ টকা। এটা সৰু পকা অমিতা ক্ৰয় কৰিব হ'লেও আপুনি ভৰিব লাগিব ৪০-৭০টকা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/b0455ebf-7cc5-4656-b0d9-69a88fec6db7.jpg)
আন পাচলি সমূহৰ মূল্য আছিল এনেধৰণৰ-
বিলাহী প্ৰতি কেজিতঃ ৬০ টকা।
ফুলকবি প্ৰতি কেজিতঃ ৫০-৬০ টকা।
কেৰেলা প্ৰতি কেজিতঃ ৮০ টকা।
ওল কবি প্ৰতি কেজিতঃ ৮০ টকা।
ভেন্দি প্ৰতি কেজিতঃ ৮০ টকা।
ৰঙালাও প্ৰতি কেজিতঃ ৫০ টকা।
ফ্ৰেন্স বীন প্ৰতি কেজিতঃ ১২০টকা।
আলু প্ৰতি কেজিতঃ ২৪-২৮ টকা।
পিয়াজ প্ৰতি কেজিতঃ ৩০ টকা।
অবিশ্বাস্যৰভাৱে এতিয়া শাক-পাচলিৰ মূল্য বৃদ্ধি পাইছে। সাধাৰণ দৰিদ্ৰ শ্ৰেণীৰ লোকৰ বাবে শাক-পাচলি ক্ৰয় কৰি খোৱাতো সপোন হৈ পৰিছে।