দেশৰ শততম বিমান বন্দৰটো উদ্বোধন হ’ব আজি

দেশৰ শততম বিমান বন্দৰটো উদ্বোধন হ’ব আজি

author-image
asomiyapratidin
New Update
দেশৰ শততম বিমান বন্দৰটো উদ্বোধন হ’ব আজি

ডিজিটেল ডেস্কঃ দেওবাৰে গেংটকত উপস্থিত হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৰাজ্যখনৰ পাকয়ং গ্ৰীণফিল্ডত প্ৰথমটো বিমানবন্দৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীজনে। প্ৰধানমন্ত্ৰীজনৰ এই ভ্ৰমণকালত তেওঁ বিমানবন্দৰ উদ্বোধন কৰিয়ে ছেইণ্ট শ্বেভিয়েৰছ বিদ্যালয়ৰ খেলপথাৰত এখন সভাত অংশ ল'ব।

উল্লেখ্য যে, অক্টোবৰ মাহৰ প্ৰথম সপ্তাহৰ পৰাই পাকয়ং গ্ৰীণফিল্ড বিমান বন্দৰৰ পৰা নিয়মীয়াকৈ চলিব উৰাজাহাজ। আনহাতে, গেংটকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভাৰম্ভ কৰিবলগীয়া এই বিমানবন্দৰটোৱে হ'ব ভাৰতবৰ্ষৰ শততম বিমানবন্দৰ।