/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/rb-1528394618-1.jpg)
ডিজিটেল ডেস্কঃ আপুনি ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক নেকি? যদিহে আপোনাৰ ভাৰতীয় ষ্টেট বেংকৰ কোনো শাখাত একাউণ্ট আছে তেন্তে এটিএমখনলৈ এবাৰ মন কৰক। আপোনাৰ এটিএম কাৰ্ডখন মেগনেটিক ষ্ট্ৰীপযুক্ত নে চিপযুক্ত?
যদিহে আপোনাৰ এটিএম কাৰ্ডখন চিপযুক্ত তেন্তে চিন্তাৰ কোনো কাৰণ নাই। পিছে মেগনেটিক ষ্ট্ৰীপযুক্ত এটিএম কাৰ্ডৰ গৰাকীসকলে শীঘ্ৰে বেংকলৈ গৈ নতুন এটিএম কাৰ্ডৰ বাবে আবেদন কৰা উচিত।
অন্যাথাই চিপবিহীন এটিএম কাৰ্ডেৰে এদিনত মাত্ৰ ২০ হাজাৰ টকাহে উলিয়াব পাৰিব। সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কিছুদিন পূৰ্বে বেংকটোৱে চিপযুক্ত এটিএম কাৰ্ড নথকা গ্ৰাহকসকলক ৩১ ডিচেম্বৰৰ পূৰ্বে নতুন চিপযুক্ত কাৰ্ডৰ বাবে আবেদন জনাবলৈ আহ্বান জনাইছিল।
এই আহ্বানৰ মাজতে যোৱা সোমবাৰে বেংক কৰ্তৃপক্ষই চিপ বিহীন এটিএম কাৰ্ডৰ ক্ষেত্ৰত ধন উলিওৱাৰ সৰ্বোচ্চ সীমা ২০ হাজাৰ টকা নিৰ্ধাৰণ কৰে।
বেংকটোৰ ৱেবছাইটত প্ৰকাশ কৰা মতে অহা ৩১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ'ব চিপবিহীন এটিএম কাৰ্ডৰ ক্ষেত্ৰত প্ৰযোজ্য হ'বলগীয়া এই নতুন নিয়ম।
এটিএম কাৰ্ড কিদৰে চিনাক্ত কৰিব?
জানিবলৈ তলৰ ফটোখনত Click কৰকঃ
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/emv_chip-300x165.png)