SBI-ICICI বেংকৰ নতুন নিয়ম! EMI দিয়াত পলম হ’লেও নলয় জৰিমনা

SBI-ICICI বেংকৰ নতুন নিয়ম! EMI দিয়াত পলম হ’লেও নলয় জৰিমনা

author-image
asomiyapratidin
New Update
SBI-ICICI বেংকৰ নতুন নিয়ম! EMI দিয়াত পলম হ’লেও নলয় জৰিমনা

ডিজিটেল ডেস্কঃ এছ বি আই আৰু আই চি আই চি আই বেংকে গ্ৰাহকৰ বাবে এক বিশেষ ঘোষণা কৰিছে। ডুব্লিকেট পাছবুক, এ টি এম কাৰ্ড আৰু চেকবুকৰ বাবে বেংক দুটাই লোৱা মাচুল কিছুদিনলৈ বাতিল কৰিছে।

কোনো ঋণৰ বাবদ ল'বলগীয়া লেট ফাইনো নলয় বেংক দুটাই। বেংক একাউণ্টত নূন্যতম ধন ৰাখি জমা নাথাকিলেও পূৰ্বৰ দৰে ধন নাকাটে এই দুয়োটা বেংকে। অৱশ্যে এই নিয়ম দেশজুৰি প্ৰৱৰ্তন নহয়।

এই বেংক দুটাৰ লগতেও আন কিছু বেংকে কেৰালাত বানাক্ৰান্তক সহাক দিয়াৰ বাবে এনে কিছু নিয়ম প্ৰযোজ্য কৰিছে। ইতিমধ্যে এছ বি আইয়ে কেৰালাৰ বান সাহায্যলৈ ২ কোটি টকা সাহায্য আগবঢ়াইছে। বানে ধুই নিয়া কেৰালাৰ গ্ৰাহকসকলৰ দুৰাৱস্থাৰ কথা চিন্তা কৰিয়েই ৰাষ্ট্ৰীয়কৃত আৰু বাণিজ্যিক বেংক সমূহে এনে সিদ্ধান্ত লোৱাৰ কথা সদৰী কৰা হৈছে।

বানাক্ৰান্ত ৰাজ্যখনত যাতে বেংকসমূহে উপযুক্ত সেৱা আগবঢ়াব পাৰে তাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিছে। ইফালে, আই চি আই চি আই বেংকে কেৰালালৈ ১০ কোটি টকা দিয়াৰ লগতে বেংকটোৰ গ্ৰাহকসকলৰ বাবে এছ বি আইৰ দৰে অনুৰূপ সা-সুবিধা আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে।

আই চি আই চি আই বেংকে ৰাজ্যখনৰ গ্ৰাহকৰ লেট পেইমেণ্টৰ বাবদ কোনো জৰিমনা নলয়। আগষ্ট মাহৰ বাবেহে এই নিয়ম প্ৰযোজ্য হ'ব। ক্ৰেডিট কাৰ্ডৰ ক্ষেত্ৰতো অনুৰূপ নিয়ম প্ৰযোজ্য কৰিছে আই চি আই চি আই বেংকে। কোনো গ্ৰাহকৰ চেক বাউন্স হ'লেও জৰিমনা বা ব্যৱস্থা গ্ৰহণ নকৰে আই চি আই চি আই বেংকে।