/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/49871-sbi-porecruitment-pti.png)
ডিজিটেল ডেস্কঃ সমগ্ৰ দেশতে অতি কমেও ১৩০০ শাখাৰ নাম আৰু আই এফ এছ চি কোড সলনি কৰিছে ভাৰতীয় ষ্টেট বেংকে। ৬ সহযোগী বেংক আৰু মহিলা বেংক ষ্টেট বেংকৰ সৈতে একত্ৰিত হোৱাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰে বেংকটোৱে। শেহতীয়াকৈ পৰৱিৰ্তিত নাম আৰু আই এফ এছ চি কোডৰ তালিকা ৱেবছাইটত প্ৰকাশো কৰিছে দেশৰ বৃহত্তম বেংকটোৱে।
২০১৭ চনৰ ১ এপ্ৰিলত সহযোগী ৬টাকৈ বেংক আৰু ভাৰতীয় মহিলা বেংক একত্ৰিত হোৱাৰ পিছতে বেংকটোৰ পৰিসৰ বৃদ্ধি পায়। ফলত এনেদৰে নাম আৰু আই এফ এছ চি সলনি কৰিবলৈ বাধ্য হৈ পৰে বেংকটো।
উল্লেখ্য যে ২০১৮ চনৰ ৩০ জুন পৰ্যন্ত বিশ্বৰ ৫৩ নং স্থানত দখল কৰিছে ভাৰতীয় ষ্টেট বেংকে। বৰ্তমান বেংকটোৰ মুঠ জমা ধনৰ পৰিমাণ হৈছে ৩,৩৪৫ লাখ কোটি টকা।
এই বৃহত্তম বেংকটোৰ চলিত বিত্তীয় বৰ্ষৰ প্ৰথমটো কোৱাৰ্টাৰত থকা শাখাৰ সংখ্যা হৈছে ২২,৪২৮টা। এই সময়ছোৱাত দেশৰ ভিন্ন প্ৰান্তত নতুনকৈ স্থাপন কৰা হৈছে ২৪৪টা প্ৰশাসনিক কাৰ্যালয়। লগতে পূৰ্বৰ ২ লাখ কৰ্মচাৰীৰ সৈতে সংযুক্ত হৈছে আৰু প্ৰায় ৭০ হাজাৰ কৰ্মচাৰী।