সৰ্বকালৰ অভিলেখ ৰচি আকৌ হ্ৰাস পালে টকাৰ মূল্য

সৰ্বকালৰ অভিলেখ ৰচি আকৌ হ্ৰাস পালে টকাৰ মূল্য

author-image
asomiyapratidin
New Update
সৰ্বকালৰ অভিলেখ ৰচি আকৌ হ্ৰাস পালে টকাৰ মূল্য

ডিজিটেল ডেস্কঃ ভাৰতীয় টকাৰ মূল্য আকৌ হ্ৰাস পাইছে। এইবাৰ ভাৰতীয় টকাত ১ ডলাৰৰ মূল্য হৈছেগৈ ৭০.৮২ টকা। ইয়াৰ পূৰ্বে ১৪ আগষ্টত ১ ডলাৰৰ ভাৰতীয় টকাৰ মূল্য আছিল ৭০.০৯ টকা।

পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি ভাৰতীয় টকাৰ মূল্য এতিয়া ডলাৰৰ তুলনাত সৰ্বনিম্ন হৈছে। বিমূদ্ৰাকৰণৰ পাছত ভাৰতীয় টকাৰ মূল্য বৃদ্ধি পাব বুলি কোৱা হৈছিল যদিও, আন্তঃৰাষ্ট্ৰীয় বজাৰত ভাৰতীয় টকাৰ অবমূল্যনে অভিলেখহে ৰচনা কৰিলে।

অৰ্থনৈতিক বিশ্লেষকৰ মতে, তুৰস্কত হোৱা সংকট আৰু আমেৰিকাৰ বাণিজ্য হ্ৰাসৰ পৰিণতিৰ ফলতেই টকাৰ মূল্য এনেদৰে হ্ৰাস পাইছে। ইফালে, টকাৰ মূল্য হ্ৰাস হোৱাৰ ফলত ডিজেল-পেট্ৰ'লৰ মূল্য বৃদ্ধি হৈছে।

পেট্ৰ'ল ১৩ পইচা আৰু ডিজেলত ১৪ পইচাকৈ বৃদ্ধি হৈছে। ভাৰতীয় অৰ্থনীতিৰ এক অনিশ্চিয়তাৰ ছবি এই টকাৰ মূল্য হ্ৰাসে প্ৰতিফলিত কৰে বুলি বহু অৰ্থনৈতিক বিশ্লেষকে ভৱিষ্যতবাণী কৰিছে।