‘এমাজন’ত অক্টোবৰৰ পৰা পাব আৰ এছ এছৰ গোমূত্ৰ-গোবৰৰ চাবোন, টুথপেষ্ট

‘এমাজন’ত অক্টোবৰৰ পৰা পাব আৰ এছ এছৰ গোমূত্ৰ-গোবৰৰ চাবোন, টুথপেষ্ট

author-image
asomiyapratidin
New Update
‘এমাজন’ত অক্টোবৰৰ পৰা পাব আৰ এছ এছৰ গোমূত্ৰ-গোবৰৰ চাবোন, টুথপেষ্ট

ডিজিটেল ডেস্কঃ আপুনি কি চাবোন ব্যৱহাৰ কৰে? কোনটো কোম্পানীৰ ফেচপেক কিনে? আগতে কি চাবোন, ফেচপেক ব্যৱহাৰ কৰিছিল সেয়া এতিয়া অতীত হ'বৰ হ'ল। আপোনাৰ অভ্যাস সলনি কৰি পৌৰাণিক নতুনত্বৰ সন্ধান পাবলৈ অচিৰেই ক্ৰয় কৰিব পাৰিব গোমূত্ৰ আৰু গোবৰৰে প্ৰস্তুত কৰা চাবোন, ফেচপেক আৰু একাধিক প্ৰসাধন সামগ্ৰী।

এই বিশেষ চাবোন, ফেচপেক আদি ক্ৰয় কৰিবলৈ দোকানলৈ যোৱাৰো প্ৰয়োজন নাই। ঘৰতে বহি এমাজনত অৰ্ডাৰ দিলেই সকলো পদূলিতে লাভ কৰিব পাৰিব। আপোনাক এই বিশেষ সেৱা আগবঢ়াবলৈ প্ৰায় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে উত্তৰ প্ৰদেশৰ আৰ এছ এছ পৰিচালিত এটি প্ৰতিষ্ঠানে।

প্ৰতিষ্ঠানটোৱে মোডী আৰু যোগী কুৰ্তাও আমাজনত বিক্ৰী কৰিব বুলি জনাইছে। এমাজনযোগে গোবৰ আৰু গোমূত্ৰৰে প্ৰস্তুত কৰা চাবোন, ফেচপেক, প্ৰসাধন সামগ্ৰী বিক্ৰী কৰিবলৈ সাজু হোৱা প্ৰতিষ্ঠানটোৰ নাম দীন দয়াল ধাম। অহা অক্টোবৰৰ পৰাই প্ৰতিষ্ঠানটোৱে ৩০ বিধ এনে সামগ্ৰীৰ অনলাইন বিক্ৰী আৰম্ভ কৰিব।

আৰ এছ এছৰ মুখপাত্ৰ অৰুণ কুমাৰে জনোৱা মতে, প্ৰতিষ্ঠানটোৱে প্ৰস্তুত কৰা গোমূত্ৰ-গোবৰৰ চাবোন, ফেচপেকৰ লগতে গোমূত্ৰ আৰু মেথিগুটিৰে প্ৰস্তুত কৰা কামধেনু আৰ্ক, টুথপেষ্ট, চেম্পু আৰু বহুমূত্ৰ ৰোগৰ ঔষধো আমাজনত উপলব্ধ হ'ব। ইয়াৰ জৰিয়তে দেশৰ ভিন্ন প্ৰান্তৰ নিৱনুৱাসকলক সংস্থাপনৰো পৰিকল্পনা কৰাৰ কথা জানিবলৈ দিয়ে কুমাৰে।