২.৫০ টকাকৈ হ্ৰাস পাব পেট্ৰ’ল-ডিজেলৰ মূল্য, ঘোষণা বিত্তমন্ত্ৰী জেটলিৰ

২.৫০ টকাকৈ হ্ৰাস পাব পেট্ৰ’ল-ডিজেলৰ মূল্য, ঘোষণা বিত্তমন্ত্ৰী জেটলিৰ

author-image
asomiyapratidin
New Update
আজিও বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

প্ৰতিকী ফটো

ডিজিটেল ডেস্কঃ অৱশেষত যেন দেশবাসীৰ সমস্যা সামান্যকৈ হ'লেও অনুভৱ কৰিবলৈ সমৰ্থ হ'ল মোদী চৰকাৰ। এই অনুযায়ী ইন্ধনৰ দামৰ ক্ষেত্ৰত দেশবাসীক সকাহ প্ৰদান কৰি বৃহস্পতিবাৰে উৎপাদন শুল্ক ২.৫০ টকালৈ হ্ৰাস কৰে বিত্ত মন্ত্ৰণালয়ে।

বিত্তমন্ত্ৰী অৰুণ জেটলিয়ে সংবাদ মেলযোগে উক্ত ঘোষণা কৰাৰ পিছতে দামবৃদ্ধিত জুৰুলা হৈ পৰা কোটি কোটি লোকৰ মুখত সামান্যকৈ হ'লেও হাঁহি বিৰিঙি উঠা দেখা গৈছে।

দিনে দিনে পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধি পোৱাৰ বাবে বিত্তমন্ত্ৰীগৰাকীয়ে আন্তৰ্জাতিক বজাৰকে দায়ী কৰে। আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ দাম বৃদ্ধিৰ পৰিপ্ৰেক্ষিততে দেশত পেট্ৰ'ল-ডিজেলৰ দাম হোৰাহোৰে বৃদ্ধি পাইছে বুলি স্পষ্ট কৰি দিয়ে জেটলিয়ে।

পেট্ৰ'ল-ডিজেলৰ দামৰ ওপৰত চৰকাৰৰ নিয়ন্ত্ৰণ নাই যদিও নিয়ন্ত্ৰণত থকা উৎপাদন শুল্ক ২.৫০ টকাকৈ হ্ৰাস কৰা বুলিও জনায় মন্ত্ৰীগৰাকীয়ে। দেশবাসীৰ সমস্যা অনুধাৱন কৰিব পাৰিছে বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা সদৰী কৰি তেওঁ ৰাজ্য চৰকাৰসমূহকো পেট্ৰ'ল-ডিজেলৰ ওপৰত আৰোপ কৰা কৰৰ পৰিমাণ নিজাববীয়াকৈ হ্ৰাস কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

পঢ়িবলৈ তলৰ ফটোখনত Click কৰক

বলীউডত সুন্দৰী নতুন অভিনেত্ৰীয়ে কি কৰিব লাগে?

ৰাজ্য চৰকাৰসমূহে আৰোপ কৰা কৰৰ পৰিমাণ হ্ৰাস কৰিলে দেশত পেট্ৰ'ল-ডিজেলৰ দাম আৰু হ্ৰাস পাব বুলিও তেওঁ আশা প্ৰকাশ কৰে। 'ৰাজ্য চৰকাৰসমূহকো আমি আহ্বান জনাইছো কৰ হ্ৰাস কৰিবলৈ। তেতিয়া দেশবাসীয়ে ৫টাক পৰ্যন্ত সকাহ পাবলৈ সমৰ্থ হ'ব।'-জেটলিয়ে কয়।