আকৌ নতুন নিয়ম! ডিচেম্বৰৰ পূৰ্বেই সলনি কৰক এটিএম কাৰ্ড

আকৌ নতুন নিয়ম! ডিচেম্বৰৰ পূৰ্বেই সলনি কৰক এটিএম কাৰ্ড

author-image
asomiyapratidin
New Update
আকৌ নতুন নিয়ম! ডিচেম্বৰৰ পূৰ্বেই সলনি কৰক এটিএম কাৰ্ড

ডিজিটেল ডেস্কঃ বিমুদ্ৰাকৰণৰ সময়ত ৫০০-১০০০ টকীয়া সলাবলৈ বেংকত শাৰী পতাৰ দৰেকৈ এইবাৰ শাৰী পাতিব লাগিব এটিএম কাৰ্ডৰ বাবে। ৰিজাৰ্ভ বেংকৰ এক নিৰ্দেশৰ পিছতে এতিয়া বেংকসমূহে গ্ৰাহকসকলক অহা ৩১ ডিচেম্বৰৰ ভিতৰত মেগনেটিক ষ্ট্ৰীপযুক্ত এটিএম তথা ডেবিট কাৰ্ড সলনি কৰি ইএমভি চিপ আৰু পিনযুক্ত কাৰ্ড ল'বলৈ অনুৰোধ জনাইছে।

Advertisment

ভাৰতীয় ষ্টেট বেংকে ইতিমধ্যে গ্ৰাহকসকলক এই সন্দৰ্ভত বাল্ক এছএমএছ তথা বিজ্ঞাপন আদিৰ জৰিয়তে এই অনুৰোধ জনাবলৈ আৰম্ভ কৰিছে। বাকী বেংকসমূহেও এই ক্ষেত্ৰত আৰম্ভ কৰিছে তৎপৰতা।

উল্লেখ্য যে, আৰ্থিক প্ৰতাৰণাৰ পৰা হাত সাৰি থাকিবৰ বাবেই গ্ৰাহকসলক কেৱল চিপ ভিত্তিক পিন যুক্ত ডেবিট আৰু ক্ৰেডিট কাৰ্ড প্ৰদান কৰিবলৈ দেশৰ বেংকসমূহক দিনদিয়েক পূৰ্বে নিৰ্দেশ প্ৰদান কৰিছিল ৰিজাৰ্ভ বেংকে। মেগনেটিক ষ্ট্ৰীপযুক্ত কাৰ্ডতকৈ এই ইএমভি চিপযুক্ত কাৰ্ড অধিক সুৰক্ষিত বাবেই এনে নিৰ্দেশনা প্ৰদান কৰিছে দেশৰ কেন্দ্ৰীয় বেংকটোৱে।

ষ্টেট বেংকৰ সূত্ৰই জনোৱা মতে, ইভিএম চিপযুক্ত এটিএম কাৰ্ড সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব পাৰিব গ্ৰাহকসকলে। যোৱা জুন মাহ পৰ্যন্ত ষ্টেট বেংকৰ গ্ৰাহকসকলৰ মুঠ ২৮.৯ কোটি গ্ৰাহকেই হৈছে এটিএম ব্যৱহাৰকাৰী। ইয়াৰে বহু সংখ্যকে ইতিমধ্যে চিপযুক্ত কাৰ্ড লাভ কৰিছে বুলিও সদৰী কৰিছে বেংক কৰ্তৃপক্ষই।

এছ বি আইৰ ৱেবছাইটত উল্লেখ কৰা মতে, নতুন কাৰ্ড লাভ কৰিবলৈ বেংকৰ যি শাখাত একাউণ্ট আছে, সেই শাখাতেই আবেদন জনাব লাগিব গ্ৰাহকসকলে। ইণ্টাৰনেট বেংকিং পদ্ধতিৰেও আবেদন কৰিব পাৰিব বুলিও ৱেবছাইটোত কোৱা হৈছে।

যদিহে আপোনাৰ এটিএম কাৰ্ডখনো মেগনেটিক ষ্ট্ৰীপযুক্ত তেন্তে ৩১ ডিচেম্বৰৰ পূৰ্বেই ইভিএমযুক্ত কাৰ্ডৰ বাবে আবেদন কৰক। যিসকলৰ কাৰ্ড ইভিএম চিপযুক্ত সেইসকলৰ অৱশ্যে চিন্তাৰ কোনো কাৰণ নাই। এই বাতৰি পঢ়ি আপুনি যদি নিজৰ কাৰ্ডখন কি ধৰণৰ কাৰ্ড সেই লৈ চিন্তিত হৈ পৰিছে তেন্তে এটা সহজ উপায়েৰে নিশ্চিন্ত হৈ ল'ব পাৰে।

আপোনাৰ কাৰ্ডখনৰ এটা ফালৰ সমুখৰ অংশলৈ চালেই জানিব পাৰিব যে কাৰ্ডখন সলনি কৰিব লাগিব নে নালাগে। কাৰ্ডখনৰ সমুখৰ অংশত যদি সোণালী ৰঙৰ চিপ আছে তেন্তে আপোনাৰ চিন্তাৰ কোনো কাৰণ নাই। কিয়নো আপোনাৰ হাতত বৰ্তমান যিখন কাৰ্ড আছে সেইখনেই হৈছে এখন ইএমভি চিপযুক্ত সুৰক্ষিত কাৰ্ড।