/asomiyapratidin/media/media_files/2025/09/15/whatsapp-image-2025-09-15-12-09-05.jpeg)
ডিজিটেল ডেস্কঃ দেশৰ অৰ্থনীতিলৈ এটা ভালখবৰ! প্ৰোডাকচন লিঙ্কড ইনচেনটিভ (PLI) পৰিকল্পনাৰ পদক্ষেপে ভাৰতত স্মাৰ্টফোন ৰপ্তানিৰ ক্ষেত্ৰত নতুন অভিলেখ সৃষ্টি কৰিছে। ২০২৬ বিত্তীয় বছৰৰ প্ৰথম পাঁচ মাহত স্মাৰ্টফোন ৰপ্তানি ১ ট্রিলিয়ন মূল্যত উপনীত হৈছে।
লক্ষ্যণীয় যে, আমেৰিকাৰ সৈতে শুল্ক বিবাদৰ বাবে ৰপ্তানিৰ ক্ষেত্ৰত এক নিৰাশাজনক পৰিস্থিতিৰ মাজতো পিএলআই আঁচনিৰ দ্বাৰা পৰিচালিত স্মাৰ্টফোন খণ্ডই বিত্তীয় বৰ্ষ ২৬ৰ প্ৰথম পাঁচ মাহত ১ ট্ৰিলিয়ন অতিক্ৰম কৰা তথ্য প্ৰকাশ কৰিছে চৰকাৰে।
এই সংখ্যা পূৰ্বৰ বিত্তীয় বৰ্ষৰ সংশ্লিষ্ট পাঁচ মাহৰ সময়ছোৱাৰ ৬৪,৫০০ কোটিতকৈ ৫৫ শতাংশ বেছি।এপলৰ দুটা চুক্তিবদ্ধ আইফোন নিৰ্মাতা - টাটা ইলেক্ট্ৰনিক্স আৰু ফক্সকনে এই সময়ছোৱাত স্মাৰ্টফোন ৰপ্তানিৰ ৭৫,০০০ কোটিতকৈ অধিক বা প্ৰায় ৭৫ শতাংশ অৰিহণা যোগাইছিল।
উল্লেখ্য যে, PLI পৰিকল্পনাৰ লক্ষ্য আছিল দেশীয় উৎপাদকক উৎসাহিত কৰি ভাৰতক “মেক ইন ইণ্ডিয়া” উদ্যোগৰ জৰিয়তে বিশ্ববজাৰত প্ৰতিযোগিতামূলক কৰি তোলা। স্মাৰ্টফোন ৰপ্তানিত ১ ট্রিলিয়ন টকাৰ এই মাইলৰ খুঁটিয়ে সেই লক্ষ্য সফল হোৱাৰ পথ প্ৰদৰ্শন কৰিছে।