চিবিআইৰ পাছত আৰবিআইত চৰকাৰৰ হস্তক্ষেপ! সতৰ্ক কৰি দি কৰ্মচাৰীয়ে লিখিছে চিঠি

চিবিআইৰ পাছত আৰবিআইত চৰকাৰৰ হস্তক্ষেপ! সতৰ্ক কৰি দি কৰ্মচাৰীয়ে লিখিছে চিঠি

author-image
asomiyapratidin
New Update
চিবিআইৰ পাছত আৰবিআইত চৰকাৰৰ হস্তক্ষেপ! সতৰ্ক কৰি দি কৰ্মচাৰীয়ে লিখিছে চিঠি

ডিজিটেল ডেস্কঃ চিবিআইৰ পাছত এইবাৰ চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহৰ গুণগুণনি উঠিছে আৰ বি আইত। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ জ্যেষ্ঠ বিষয়াই আৰবিআইৰ কাম-কাজত চৰকাৰে অযথা দখল কৰাৰ অভিযোগ উত্থাপন কৰিছে। এনে কৰাৰ ফলত যিকোনো মুহূৰ্ততে ভীষণ পৰিস্থিতিৰ সন্মুখীন হ'ব বুলিও সতৰ্ক কৰি দিছে চৰকাৰক।

আৰ বি আইৰ কৰ্মচাৰী পৰিষদে চৰকাৰলৈ লিখা এখন চিঠিত এই সতৰ্কবাণী দি কৈছে যে- যদি চৰকাৰে এইদৰে আৰ বি আইৰ কাম-কাজত অযথা দখল কৰে তেন্তে ইয়াৰ পৰিণাম অতি ভয়ানক হৈ পৰিব। আৰ বি আই আৰু চৰকাৰৰ মাজত চলি থকা সংঘাতৰ পাছত সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত এই কথা বিশেষভাৱে উল্লেখ কৰিছে অল ইণ্ডিয়া ৰিজাৰ্ভ বেংক এছ'চিয়েশ্যনৰ সভাপতি সমীৰ ঘোষে। 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ হাততো পৰিছে সেই সতৰ্কবাণীসহ সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা আৰবিআইৰ বিবৃতি।

উল্লেখযোগ্য যে, ৰিজাৰ্ভ বেংকে চৰকাৰে মনোনয়ন কৰি পঠিওৱা প্ৰতিনিধিয়ে বৰ্ড মিটিঙত দিয়া পৰামৰ্শ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। বেংকৰ বাবে পিচিএ (প্ৰ'ম্পট কাৰেক্টিভ একশ্যন) নিয়ম প্ৰয়োগৰ পৰামৰ্শ দিছিল যদিও সেই পৰামৰ্শ আৰ বি আইৰ কৰ্তৃপক্ষই হণ কৰা নাছিল। এনেবোৰ বহু নীতিগত দিশত শেহতীয়াকৈ আৰ বি আই গৱৰ্ণৰ উজিত পেটেলৰ সৈতে সংঘাত বৃদ্ধি পাইছে কেন্দ্ৰীয় চৰকাৰৰ।