/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/raksha.jpg)
ডিজিটেল ডেস্কঃ কাইলৈ ৰাখি বন্ধন। দোকানত এতিয়া নানা ধৰণৰ ৰাখি উপলব্ধ হৈছে। কিন্তু এই ৰাখিবোৰৰ বিপৰীতে গুজৰাটৰ এখন জুৱেলাৰীত ৰাখি ক্ৰয় কৰিবলৈ গ্ৰাহকৰ লানি লাগিছে। এই জুৱেলাৰীখনে এক বিশেষ ৰাখি প্ৰস্তুত কৰিছে।
দীপাৱলিত ওলোৱা 'মোডী বোমা'ৰ দৰে ৰাখি বন্ধনৰ বতৰত এই জুৱেলাৰীখনত উপলব্ধ হৈছে 'মোডী ৰাখি'। সোণেৰে বনোৱা ৰাখিৰ উপৰি ভাগত আছে মোডীৰ বিশেষ ছবি।
কেৱল মোডীৰে নহয়, দোকানখনত বিক্ৰীৰ বাবে সাজু কৰি ৰখা হৈছে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ ছবি থকা বিশেষ ৰাখি। গ্ৰাহকে অৱশ্যে 'মোডী ৰাখি'ৰ প্ৰতিহে বিশেষ আগ্ৰহ দেখুৱাইছে।
এগৰাকী গ্ৰাহকে মন্তব্য কৰিছে- 'ৰাখিৰ বতৰত মই মোৰ ভাতৃক এই ৰাখি পিন্ধাই তেওঁ আৰু মোৰ মাজৰ সম্পৰ্কটোক সুদৃঢ় কৰাৰ লগতে তেওঁ যাতে মোডীৰ দৰে মহান হ'ব পাৰে সেই আশা কৰিম।' অসমলৈ অৱশ্যে এইধৰণৰ ৰাখি আহিছে নে নাই এতিয়ালৈকে খবৰ অহা নাই। কিন্তু এইটো ঠিক যে, মোডী ৰাখি ওলোৱাৰ পাছত অসমতো ওলাব পাৰে 'সোণোৱাল ৰাখি'।