অৰুণ জেটলীৰ কন্যাৰ একাউন্টত মেহুল চৌকসীৰ ধন! অভিযোগ ৰাহুল গান্ধীৰ

অৰুণ জেটলীৰ কন্যাৰ একাউন্টত মেহুল চৌকসীৰ ধন! অভিযোগ ৰাহুল গান্ধীৰ

author-image
asomiyapratidin
New Update
অৰুণ জেটলীৰ কন্যাৰ একাউন্টত মেহুল চৌকসীৰ ধন! অভিযোগ ৰাহুল গান্ধীৰ

ডিজিটেল ডেস্কঃ কেইবাটাও বেংকৰ পৰা লোন লৈ দেশৰ পৰা পলায়ন কৰি থকা নীৰৱ মোদী, মেহুল চৌকসীৰ দৰে পলাতক ব্যৱসায়ীৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ সম্পৰ্কক লৈ দেশ জুৰি বিতৰ্ক চলি আছে৷

ইফালে, প্ৰায় ৩২৫০ কোটি টকাৰ ঋণ লৈ দেশৰ পৰা পলায়ন কৰি আন্টিগাত আত্মগোপন কৰি থকা ব্যৱসায়ী মেহুল চৌকসীক লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ বিস্ফোৰক মন্তব্য কৰিছে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে৷

এইবাৰ কংগ্ৰেছে বিত্তমন্ত্ৰী অৰুণ জেটলীৰ কন্যা আৰু মেহুল চৌকসীৰ মাজত ব্যৱসায়ীক সম্পৰ্ক থকা বুলি অভিযোগ উত্থাপন কৰি বিত্তমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে সৰৱ হৈ পৰে৷


She received money from ICICI a/c no: 12170500316

It's sad that media has blacked out this story. The people of India won't. #ArunJaitlieMustResign

— Rahul Gandhi (@RahulGandhi) October 22, 2018

সোমবাৰে এটা টুইটৰ জৰিয়তে ৰাহুল গান্ধীয়ে অভিযোগ উত্থাপন কৰি লিখে, 'অৰুণ জেটলীৰ কন্যাই মেহুল চৌকসীৰ হৈ কাম কৰে৷ তেৱেঁই পিতৃৰ সহায়ত চৌকসীৰ কেলেংকাৰী গাপ দি আছে আৰু চৌকসীক ভাৰতৰ পৰা পলায়ন কৰাতো সহায় কৰিছে৷'

ইফালে, ৰাহুল গান্ধীয়ে অভিযোগ উত্থাপন কৰি কয় যে আই চি আই চি আইৰ ১২১৭০৫০০৩১৬ নম্বৰৰ একান্টৰ জৰিয়তে জেটলীৰ কন্যালৈ ধনৰ লেন দেন হয়৷

আনহাতে, ৰাহুল গান্ধীয়ে তেওঁৰ টুইতত বিত্তমন্ত্ৰীগৰাকীৰ উপাধিটো ভুল ভাৱে ব্যৱহাৰ কৰি জেটলীক মিছলীয়া আখ্যা দিয়া পৰিলক্ষিত হয়৷ তেওঁ Jaitleyৰ পৰিৱৰ্তে Jait-lie বুলি উল্লেখ কৰে৷ টুইটৰ অন্তত কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে অৰুণ জেটলীৰ পদত্যাগৰো দাবী উত্থাপন কৰে৷

সাধাৰণতে সকলো সময়তে ৰাজনৈতিক প্ৰত্যুত্তৰ দিয়াৰ বাবে প্ৰস্তুত হৈ থকা জেটলীয়ে এতিয়ালৈকে ৰাহুল গান্ধীৰ টুইটক লৈ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই৷ কিন্তু শীঘ্ৰেই বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিব বুলিও বিভিন্নজনে চৰ্চা চলাইছে৷


— ANI (@ANI) October 22, 2018

উল্লেখ্য যে, ইয়াৰ পূৰ্বে চৌকসী বিদেশলৈ পলায়ন কৰাৰ সময়তো কংগ্ৰেছে কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ কৰি চৰকাৰে অভিযুক্ত চৌকসীক পলায়ন কৰাত সহায় কৰা বুলি অভিযোগ উত্থাপন কৰিছিল৷ কেন্দ্ৰীয় চৰকাৰৰ একাংশ মন্ত্ৰীৰ কৃপাতে চৌকসীয়ে আন্টিগাৰ পাছপ'ৰ্ট লাভ কৰিছিল বুলিও দাবী উত্থাপন কৰিছিল কংগ্ৰেছে৷