ঔষধি গুণসম্পন্ন ক’লা ধানৰ খেতিৰে স্বাৱলম্বী ৰহাৰ খেতিয়ক, চাওক Video

ঔষধি গুণসম্পন্ন ক’লা ধানৰ খেতিৰে স্বাৱলম্বী ৰহাৰ খেতিয়ক, চাওক Video

author-image
asomiyapratidin
New Update
ঔষধি গুণসম্পন্ন ক’লা ধানৰ খেতিৰে স্বাৱলম্বী ৰহাৰ খেতিয়ক, চাওক Video

ডিজিটেল সংবাদ, ৰহাঃ এতিয়া কৃষকৰ সপোনে পোখা মেলাৰ বতৰ৷ সোণগুটিৰ পথাৰত ৰিবৰিব মলয়াত হালি জালি নাচিছে লাহি-শালি ধানৰ থোঁক৷ পকা ধানে ৰিঙিয়াই মাতিছে দাৱনীক৷ আহিছে হেঁপাহৰ আঘোণ৷ চহা খেতিয়কৰ বাবে কঢ়িয়াই আনিছে অযুত আশাৰ সম্ভাৱনা৷

ইয়াৰ মাজতে ৰহাৰ গুইমাৰীত ব্লেক ৰাইচ অৰ্থাত ক'লা ধানৰ খেতি কৰি অন্য এক আশাৰ বতৰা কঢ়িয়াইছে এজন যুৱ খেতিয়কে৷ এই যুৱ খেতিয়কজনৰ নাম প্ৰশান্ত ৰাজবংশী৷ উপেন্দ্ৰ ৰাভা ৰাইচ নামৰ ক'লা ধানৰ খেতিৰ বিষয়ে টেলিভিছনত দেখা পালে খেতিয়কজনে৷ চিকিৎসা বিজ্ঞানৰ মতে বহু ঔষধি গুণ থকা এই বিধ ক'লা ধানে কেন্সাৰ, কলেষ্টৰেল আদি বহু ৰোগ প্ৰতিৰোধ কৰিব পাৰে৷

ধানবিধৰ প্ৰতি আকৰ্ষণ বাঢ়িল প্ৰশান্তৰ আৰু সংগ্ৰহ কৰি আনিলে ধানৰ বীজ৷ প্ৰতি কেজিত প্ৰায় ৪০০টকাকৈ কিনি আনি প্ৰশান্তই পৰীক্ষামূলকভাবে প্ৰায় ২বিঘা মাটিত কৰিছে এই ধানৰ খেতি৷ আশা কৰা মতেই এতিয়া ফচলো পাইছে প্ৰশান্তই৷ কোনো ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নাই যুৱ খেতিয়কজনে৷ আনকি পানী যোগানৰো কোনো ব্যৱস্থা নাই৷

কৃষি বিভাগেও কোনো ধৰণৰ সহায় বা পৰামৰ্শ অবিহনে গতানুগতিক ধৰণেৰেই কৰিছে যুৱ খেতিয়কজনে এই ক'লা ধানৰ খেতি৷ প্ৰতি কেজি চাউল ২০০-২৫০টকা পৰ্যন্ত বিক্ৰী হোৱা মূল্যবান তথা ঔষধি গুণসম্পন্ন এই ক'লা ধান বিঘাত ১৫-১৬ মোন ধান উৎপাদন হ'ব বুলি আশা কৰিছে প্ৰশান্তই৷

এইবাৰৰ পৰীক্ষামূলকভাৱে কৰা খেতিডৰাত ক'লা ধানৰ উৎপাদন দেখি অহা বছৰলৈ অধিক মাটিত এই ধানৰ খেতি কৰাৰ বাবে পৰিকল্পনা হাতত লৈছে যুৱক প্ৰশান্তই৷ তাৰ লগে লগে যুৱকজনে উপযুক্ত পানী আৰু কৃষি বিভাগৰ সহায়-সহযোগিতা পালে অধিক ফল লাভ কৰাৰ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে৷ ইফালে যুৱ খেতিয়কজনক দেখি অঞ্চলটোৰ কেইবাজনো খেতিয়কে ক'লা ধানৰ খেতি কৰাৰ বাবে আগ্ৰহী হৈ পৰা পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে, গোৱালপাৰাৰ উপেন্দ্ৰ ৰাভাৰ আৰ্হিৰে ৰহাৰ যুৱক প্ৰশান্ত ৰাজবংশী ক'লা ধানৰ উৎপাদনৰ জৰিয়তে অসমৰ ধান উৎপাদনৰ ক্ষেত্ৰত জাগৰণ সৃষ্টি কৰিছে।