/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/Petrol-price-up-by-Rs-1.39-per-litre-diesel-by-Rs-1.04.jpeg)
ডিজিটেল ডেস্কঃ পেট্ৰ'লৰ মূল্যবৃদ্ধিয়ে ভংগ কৰিছে সৰ্বকালৰ অভিলেখ। মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্যই চুইছেগৈ ৮৭.৩৯ টকা। ঠিক তেনেকৈ ডিজেল প্ৰতিলিটাৰৰ মূল্য ৭৬.৫১ টকা হৈছে আজি।
দেশৰ ৰাজধানী চহৰ দিল্লীতো মূল্যবৃদ্ধি হৈ পেট্ৰ'ল-ডিজেলৰ দাম। দিল্লীত প্ৰতিলিটাৰ পেট্ৰ'লৰ দাম ৭৯.৯৯ টকা আৰু ডিজেলৰ প্ৰতিলিটাৰত ৭২.০৭ টকা হৈছেগৈ।
ইফালে, গুৱাহাটীতো বৃদ্ধি পাইছে পেট্ৰ'ল-ডিজেলৰ মূল্য। গুৱাহাটীত শুকুৰবাৰে প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য হৈছেগৈ ৮২.৩৪ টকা। লগতে ডিজেলৰ দাম বাঢ়ি হৈছেগৈ ৭৫.৩৪টকা পৰ্যন্ত।