আকৌ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য

আকৌ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য

author-image
asomiyapratidin
New Update
আকৌ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য

ডিজিটেল ডেস্কঃ সাধাৰণ জনতাক মাধমাৰ শোধাই পুনৰ বৃদ্ধি কৰা হৈছে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য। শুকুৰবাৰে মাজনিশাৰে পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ সাহায্যযুক্ত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ১.৪৯টকাকৈ বৃদ্ধি কৰা হৈছে।

এই অনুযায়ী গুৱহাটীত প্ৰতিটো ৰাজ সাহায্যযুক্ত চিলিণ্ডাৰৰ বৰ্তমানৰ মূল্য ৪৭২ টকাৰ পৰা হ'বগৈ ৪৭৩.৪৯ টকা। আনহাতে ৰাজসাহায্যবিহীন প্ৰতিটো চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰা হৈছে ৩০.৫০টকাকৈ।

প্ৰাথমিক মূল্যৰ ওপৰত আৰোপ কৰা কৰৰ পৰিমাণ বৃদ্ধি পোৱাৰ ফলতে ৰন্ধন গেছৰ মূল্য এনেদৰে পুনৰ বৃদ্ধি কৰিবলগীয়া হৈছে বুলি সদৰী কৰিছে ভাৰতীয় তেল নিগমে।

উল্লেখ্য যে পেট্ৰ'ল আৰু ডিজেলৰ মূল্যও ক্ৰমাগতভাৱে উৰ্ধগামী হৈয়ে আছে। পেট্ৰ'লৰ মূল্যই ৮০ৰ ঘৰ স্পৰ্শ কৰাৰ বিপৰীতে ডিজেলৰ মূল্যই এইকেইদিনতে প্ৰথমবাৰৰ বাবে স্পৰ্শ কৰিছে ৭০ৰ ঘৰ।