/asomiyapratidin/media/media_files/2024/12/17/vT9qRiI4ivUhDl7PeDwN.jpg)
ডিজিটেল ডেস্কঃ ভাৰতৰ তৈল ৰপ্তানি ২০২৪ চনৰ এপ্ৰিল-নৱেম্বৰ পৰ্যন্ত প্ৰায় ৩ শতাংশ বৃদ্ধি হৈ ৪২ মিলিয়ন টনত উপনীত হৈছেগৈ। যোৱা বছৰৰ এই একেই সময়ত তৈল ৰপ্তানিৰ পৰিমাণ আছিল ৪০.৯ মিলিয়ন টন।
তথ্য অনুসৰি যোৱা নৱেম্বৰ মাহত তৈল ৰপ্তানি মুঠ ৭ শতাংশ হ্ৰাস হৈ ৫.৩ মিলিয়ন টন হৈছে। ৰপ্তানিৰ পৰিমাণ এনেদৰে হ্ৰাস হোৱাৰ মূলতে হৈছে ইউৰোপৰ সৰবৰাহত হোৱা বিশাল পতন।
মূল্যৰ হিচাপত এই সময়ত ভাৰতে তৈল সামগ্ৰী ৰপ্তানি কৰিছে ৩১.২ বিলিয়ন ডলাৰ। বিগত বছৰৰ এই সময়ত এই ৰপ্তানিৰ মূল্য আছিল ৩১.৬ বিলিয়ন ডলাৰ। সেইদৰে অপৰিশোধিত তৈল সামগ্ৰী আমদানি ৬.৩ শতাংশ বৃদ্ধি হৈ ৩৩.৯ মিলিয়ন টনত উপনীত হৈছে। আমদানি বিল ৬.৬ শতাংশ বৃদ্ধি হৈ ১৬.১ বিলিয়ন ডলাৰত উপনীত হৈছে।
ইউৰোপত বৰ্তমান ভাৰতীয় তৈল সামগ্ৰী ৰপ্তানিকৰ্তাসকলৰ বাবে এক বিশাল বজাৰলৈ পৰিণত হৈছে। ৰাছিয়াৰ ডিজেলৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পাছত ভাৰতীয় ৰিফাইনেৰীসমূহে ইউৰোপ আৰু ভূমধ্যসাগৰীয় ৰপ্তানি বৃদ্ধি কৰিছে।
অক্টোবৰ মাহত ইউৰোপলৈ গেছ অয়ল ৰপ্তানি দৈনিক ২১৫,০০০ বেৰলত উপনীত হৈছে। নৱেম্বৰ মাহত অৱশ্যে এই ৰপ্তানি পৰিমাণ ১০৪,০০০ বেৰললৈ নামি আহিছে।
ভাৰতৰ অপৰিশোধিত তৈল সামগ্ৰী ৰপ্তানি ছেপ্টেম্বৰ মাহত পুনৰুদ্ধাৰ হ’লেও বৰ্তমান পুনৰ নিম্নমুখী হোৱাৰ দিশে আগবাঢ়িছে। বিশ্লেষকসকলৰ মতে তেলৰ বজাৰত সৰবৰাহ বৃদ্ধি হোৱাৰ আশংকা আছে যদিও ৰাজনৈতিক উত্তেজনা, দুৰ্বল চাহিদাই ৰপ্তানি প্ৰক্ৰিয়ালৈ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে।
আনহাতে দেশীয় তৈল সামগ্ৰীৰ চাহিদা এপ্ৰিল-নৱেম্বৰৰ সময়ত ১৫৭ মিলিয়ন টনত উপনীত হৈছে। যোৱা বছৰৰ একেই সময়ত এই পৰিমাণ আছিল ১৫২.৪ মিলিয়ন টন।