গুৱাহাটীত শুকুৰবাৰে বন্ধ পেট্ৰ’ল পাম্প!

গুৱাহাটীত শুকুৰবাৰে বন্ধ পেট্ৰ’ল পাম্প!

author-image
asomiyapratidin
New Update
গুৱাহাটীত শুকুৰবাৰে বন্ধ পেট্ৰ’ল পাম্প!

ডিজিটেল ডেস্কঃ শুকুৰবাৰে দেশৰ খুচুৰা ব্যৱসায়ত প্রত্যক্ষ বিদেশী বিনিয়োগ বন্ধ কৰাকে ধৰি ক্ষুদ্ৰ ব্যৱসায়ীৰ সুৰক্ষা নিশ্চিত কৰা, ৱালমাৰ্ট, ফ্লিপকাৰ্ট চুক্তি বাতিল কৰাৰ দাবীত ক'নফেডাৰেচন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছে সমগ্র দেশজুৰি বন্ধৰ আহ্বান জনাইছে।

এই বন্ধৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে দেশজুৰি। পুৱাৰ পৰাই বন্ধ হৈছে প্ৰতিষ্ঠান সমূহ। উত্তৰ-পূব পেট্ৰ'লিয়াম বিতৰক সন্থাইও এই দাবীত সমৰ্থন জনোৱাৰ বাবে গুৱাহাটী মহানগৰীত পুৱা ৫ বজাৰ পৰা বিয়লি ৫ বজালৈকে তেল ডিপোসমূহো বন্ধ হৈ থাকিব। ইফালে এই বন্ধত নৈতিক সমৰ্থন জনাইছে অসম প্ৰদেশ কংগ্ৰেছেও।