/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/p-d.jpg)
ডিজিটেল ডেস্কঃ চেঞ্চুৰীৰ দিশে আগবাঢ়িছে পেট্ৰ'ল-ডিজেলৰ মূল্য। কংগ্ৰেছৰ ভাৰত বন্ধয়ো ৰোধিব নোৱাৰিলে পেট্ৰ'ল-ডিজেলৰ মুল্যবৃদ্ধি। বিগত কেইটামান দিনৰ দৰে মঙলবাৰেও বাঢ়িল পেট্ৰ'ল-ডিজেলৰ মূল্য।
গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰলত ১৫ পইচা বৃদ্ধি হৈ ৮৩.২৬ টকা হোৱাৰ বিপৰীতে প্ৰতিলিটাৰ ডিজেলত ১২ পইচাকৈ বৃদ্ধি হৈ ৭৬.২৯ টকা হয়গৈ।
ইফালে, দিল্লীত মঙলবাৰে পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত বৃদ্ধি পালে ০.১৪টকা। পেট্ৰ'লৰ মূল্য ৰাজধানী চহৰখনত ৮০.৮৭টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৭২.৯৭টকা হৈছে।
মুম্বাইত পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত মঙলবাৰে হ'লগৈ ৮৬.২৬টকা আৰু ডিজেলৰ মূল্য ০.১৫টকা প্ৰতিলিটাৰত বৃদ্ধি হৈ ৭৭.৪৭টকা হয়গৈ।