পুনৰ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য

পুনৰ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য

author-image
asomiyapratidin
New Update
সোমবাৰে হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

ডিজিটেল ডেস্কঃ ক্ৰমাৎ দিনকদিনে বৃদ্ধি পাইছে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য। দেওবাৰে পুনৰ পেট্ৰ'লৰ মূল্য ০.৯টকা আৰু ডিজেলৰ মূল্য ০.১৭টকা বৃদ্ধি পাইছে প্ৰতিলিটাৰত।

গুৱাহাটীৰ ইণ্ডিয়ান অইলত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ৮৫.৯৭ টকা আৰু ডিজেলৰ মূল্য ৭৮.২২টকা প্ৰতিলিটাৰত। শনিবাৰে প্ৰেট'ল প্ৰতি লিটাৰত ৮৫.৮৮টকা আৰু ডিজেলৰ ৭৮.০৫টকা আছিল।

ইফালে, মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৯০.৮৪ টকা। ঠিক একেদৰে প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৭৯.৪০ টকা হৈছেগৈ। ইয়াৰ সমান্তৰালকৈ দিল্লীটো পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধি হ'ল। দিল্লীত প্ৰতিলিটাৰ পেট্ৰ'ল আৰু ডিজেলৰ মূল্য ক্ৰমে ৮৩.৪৯টকা আৰু ৭৪.৭৯টকা।