চেঞ্চুৰী মৰাৰ দিশে পেট্ৰ’ল-ডিজেলৰ মূল্য

চেঞ্চুৰী মৰাৰ দিশে পেট্ৰ’ল-ডিজেলৰ মূল্য

author-image
asomiyapratidin
New Update
চেঞ্চুৰী মৰাৰ দিশে পেট্ৰ’ল-ডিজেলৰ মূল্য

প্ৰতিকী ফটো

ডিজিটেল ডেস্কঃ পেট্ৰ'ল-ডিজেলৰ মূল্য দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে। আজিও বৃদ্ধি পাইছে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য। দিল্লীত প্ৰতি লিটাৰ ডিজেলৰ মূল্য ০.৩৯ টকাকৈ বৃদ্ধি পোৱাত এতিয়া ডিজেলৰ মূল্য প্ৰতি লিটাৰত হৈছেগৈ ৭১.১৫ টকা।

ইফালে, ০.৩১ টকা বৃদ্ধিৰে ৰাজধানী চহৰখনৰ পেট্ৰ'লৰ মূল্য ৭৯.১৫টকা হৈছে প্ৰতিলিটাৰত। দেশৰ বাণিজ্য ৰাজধানী মুম্বাইত আজি পেট্ৰ'লৰ মূল্য ৮৬.৬৫টকা।

মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্যবৃদ্ধি হয় ০.৩১ টকাকৈ। আনহাতে ডিজেলৰ মূল্য আজি ০.৪৪টকা প্ৰতি লিটাৰত বৃদ্ধি পাই মুম্বাইত। মহানগৰীখনত আজি ডিজেলৰ প্ৰতিলিটাৰৰ মূল্য ৭৫.৫৬টকা।