ডিজিটেল ডেস্কঃ পে'ট্ৰল-ডিজেলৰ মুল্যবৃদ্ধিক লৈ দল-সংগঠনৰ প্ৰতিবাদেৰে কঁপাই তুলিছে দেশৰ আকাশ-বতাহ। ইয়াৰ মাজতে অন্ধপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুয়ে ঘোষণা কৰিছে যে, ৰাজ্যখনত ২ টকাকৈ হ্ৰাস কৰা হ'ব পেট্ৰল-ডিজেলৰ মুল্য ।
মঙলবাৰৰ পৰা এই নতুন নিৰিখ প্ৰযোজ্য হ'ব অন্ধপ্ৰদেশত । অন্ধপ্ৰদেশ চৰকাৰৰ এই প্ৰদক্ষেপক আদৰণি জনাইছে ৰাজ্যৰ সকলো জনসাধাৰণে ।উল্লেখযোগ্য যে, অন্ধপ্ৰদেশ চৰকাৰে পেট্ৰলত ৩৬.৪২ শতাংশ আৰু ডিজেলত ২৯.১২ শতাংশ বিক্ৰী কৰ আদায় কৰে।