ছিকিমৰ পাকিয়ং বিমান বন্দৰত আৰম্ভ বিমান সেৱা

ছিকিমৰ পাকিয়ং বিমান বন্দৰত আৰম্ভ বিমান সেৱা

author-image
asomiyapratidin
New Update
ছিকিমৰ পাকিয়ং বিমান বন্দৰত আৰম্ভ বিমান সেৱা

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে দেশৰ শততম বিমানবন্দৰ পাকিয়ঙত অৱতৰণ কৰিলে প্ৰথমখন যাত্ৰীবাহী বিমানে। দুপৰীয়া ১.২৫ বজাত কলকতাৰ পৰা উৰা মৰা বিমানখন অৱতৰণ কৰে ছিকিমৰ এই নৱনিৰ্মিত বিমানবন্দৰটোত।

বন্দৰটোত অৱতৰণ কৰা প্ৰথমখন বিমানত আছিল ৭২ জন যাত্ৰী। আনহাতে অৱতৰণৰ পাছতে ২.১০ বজাত পুণৰ ৭২ জন যাত্ৰীসহ কলকাতালৈ উৰা মাৰে বিমানখন।

উল্লেখ্য যে, যোৱা ২৪ ছেপ্তেম্বৰত দেশৰ শততম এই বিমান বন্দৰটো আনুষ্ঠানিকভাৱে মুকলি কৰিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।