১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

author-image
asomiyapratidin
New Update
১ মিনিটত ২৫ খবৰ…

১. অকলেই পঞ্চায়ত নিৰ্বাচন খেলিবলৈ প্ৰস্তুত হৈছে অগপ। শনিবাৰে এই মন্তব্য কৰে মন্ত্ৰী কেশৱ মহন্তই।

২. শনিবাৰে মহানগৰীৰ ফাঁচী বজাৰৰ বিস্ফোৰণৰ পাছতে তৎপৰ মহানগৰ আৰক্ষী। মহানগৰীৰ বিভিন্ন স্থানত যান-বাহনত তালাচী চলাইছে আৰক্ষীয়ে।

৩. তিৱাসকলক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবী।  মৰিগাঁৱৰ গান্ধী ভৱনত আয়োজিত প্ৰাক্তন তিৱা ছাত্রনেতাৰ সন্মিলনত বিজেপি চৰকাৰক সমালোচনা সংগঠনটোৰ প্ৰাক্তন নেতাৰ।

৪. চুৰি বাইক বিক্ৰী কৰিবলৈ আহি বাইকসহ ৰূপহীহাট আৰক্ষীৰ জালত পৰিল গাড়ীচোৰ ছৰিফুল ইছলাম। চুৰি বাইকখনৰ নম্বৰ এ এছ০২-এল-৭৮৩১।

৫.  শনিবাৰে সম্পন্ন হয় জম্মু কাশ্মীৰ নগৰ পালিকাৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ৯৬ টা ৱাৰ্ডৰ বাৰে ৩৬৫জন প্ৰাৰ্থীয়ে প্ৰাৰ্থীত্ব আগবঢ়াইছিল।

৬. বিহাৰত পাটনাত আৰক্ষী আৰু দুবৃৰ্ত্তৰ মাজত হোৱা সংঘৰ্ষত ঘটনাস্থলীতে গুলীবিদ্ধ হৈ নিহত পচৰানা থানাৰ আৰক্ষী অধীক্ষক। তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

৭. নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'লেই বিজেপিৰে ভংগ হ'ব অগপৰ মিত্ৰতা। অসমত হিন্দু বাংলাদেশী জাঁপি দিয়াৰ ষড়যন্ত্ৰ বিজেপিৰ। শুকুৰবাৰে এই মন্তব্য কৰে অগপৰ বিধায়ক পবিন্দ্ৰ ডেকাই।

৮. দুৰ্গাপূজালৈ মাজত মাত্ৰ এটা দিন। শনিবাৰে পাণ্ডুঘাটৰ প্ৰতীমা বিসৰ্জনৰ স্থান পৰ্যবেক্ষণ কৰে জিলা উপায়ুক্ত বীৰেন্দ্ৰ মিট্টাল আৰু আৰক্ষী আয়ুক্ত প্ৰদীপ শালৈয়ে।

৯. হাৰিয়ানাত শনিবাৰে দুপৰীয়া ৰাজপথতে দুবৃৰ্ত্তই গুলীয়াই হত্যা কৰিলে এজন ন্যায়াধীশৰ পত্নীক। ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

১০. ১৯৯৪ চনত তিনিচুকীয়াত সেনাৰ ১৫ নং ৰেজিমেণ্টৰ দলে ভুৱা আলফা সজাই ৫ যুৱকক হত্যা কৰাৰ ঘটনাৰ সেনা আদালতত শনিবাৰে ৰায়দান। সেনাৰ ৭ বিষয়া-জোৱানক যাৱজ্জীৱন কাৰাদণ্ড।

১১. উত্তৰ প্ৰদেশত পাৰিবাৰিক কন্দলৰ বাবে ৪ সন্তানক জ্বলাই দিলে মাতৃয়ে। ১জনৰ মৃত্যু,৩ সন্তানৰ অৱস্থা সংকটজনক।

১২. তিনিবছৰৰ বাবে ৰাষ্ট্ৰ সংঘৰ মানৱধিকাৰ পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত হ'ল ভাৰত। মুঠ ১৯৩ খন ৰাষ্ট্ৰৰ ভিতৰত ভাৰতে লাভ কৰিলে ১৮৮খন ৰাষ্ট্ৰৰ ভোট। ২০১৯ৰ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব কাৰ্যকাল।

১৩. আমেৰিকাত বিধংসী বতাঁহ ধুমুহা 'মাইকল'ৰ তাণ্ডৱ । নিহতৰ সংখ্যা ১৭ লৈ বৃদ্ধি।

১৪. ওৰাঙৰ গেলাবিলৰ ১৫নং ঘাইপথত ৰখাই থোৱা ট্ৰাকত খুন্দা মাৰি গুৰুতৰভাৱে আহত হয় ধৰ্মেন্দ্ৰ দাহাল নামৰ এজন ব্যক্তি। উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ ব্যক্তিজনক।

১৫. ভাৰতৰ সংগীত জগতৰ ভোটাতৰা কিশোৰ কুমাৰৰ আজি ৩১ সংখ্যক মৃত্যু তিথি। ১৯৮৭ চনৰ ১৩ অক্টোবৰত হৃদজনিত ৰোগত আক্ৰান্ত হৈ ৫৮ বছৰ বয়সত দেহাৱসান ঘটিছিল শিল্পী গৰাকীৰ।

১৬. ২৬ অক্টোবৰত অসমৰ ছবিগৃহত 'ভগা খিৰিকি'। জাহ্নু বৰুৱাৰ পৰিচালনাৰে নিৰ্মান হোৱা ছবিখনৰ প্ৰযোজনা প্ৰিয়ংকা চোপ্ৰাৰ।

১৭. উত্তৰ প্ৰদেশত বিজেপিৰ সহযোগী দল ভাৰতীয় সমাজ পাৰ্টিৰ অধ্যক্ষ তথা যোগী চৰকাৰৰ কেবিনেট মন্ত্ৰীৰ মন্তব্য- ' ২০১৯ ৰ লোকসভা নিৰ্বাচনত বিজেপি শাসনলৈ নহাতো নিশ্চিত।'

১৮. শনিবাৰে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গভাইত ৰে'ল টিকটৰ এটা দালালক। দালালটোৰ পৰা ৯০ লাখ টকাৰ মূল্যৰ ৰে'ল ই-টিকট জব্দ কৰা হৈছে।

১৯. পশ্চিম গোৱালপাৰা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন। সাধাৰণ সম্পাদকৰ পদত জয়ী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সমৰ্থিত প্ৰাৰ্থী মনিৰুল হক।

২০. চত্তীশগড় বিধান সভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ মোক্ষম আঘাত। শনিবাৰে অমিত শ্বাহৰ উপস্থিতিত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী অধ্যক্ষই যোগদান কৰিলে বিজেপিত। ১২ আৰু ২০ নৱেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হব ছত্তীশগড়ৰ নিৰ্বাচন।

২১. শনিবাৰে এক সংবাদমেলত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ মন্তব্য- ' ৫ বছৰৰ ভিতৰত পাকিস্তানক ইউৰোপতকৈও অধিক স্বচ্ছ কৰিম।'

২২. দিল্লী কেজৰীৱাল চৰকাৰৰ কেবিনেট মন্ত্ৰী কৈলাশ গহলৌতৰ বিৰুদ্ধে ১২০ কোটি টকাৰ কৰ ফাঁকিৰ অভিযোগ। শনিবাৰে আয়কৰ বিভাগে তালাচী চলায় গৌহলতৰ বিভাগীয় কাৰ্যালয়ত।

২৩. মহাৰাষ্ট্ৰৰ শিৱসেনাৰ বিধায়ক তুকাৰাম কাটেৰ ওপৰত দুৰ্বৃত্তৰ অস্ত্ৰ আক্ৰমণ। কথমপি বাছিল প্ৰাণ, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দেহৰক্ষী।

২৪. শনিবাৰে চিমলাত নৱজিত সিং সিদ্ধুৰ বিস্ফোৰক মন্তব্য- ' সুযোগ পালে আকৌ যাম পাকিস্তানলৈ,মোক যিসকলে সমালোচনা কৰে কৰক,মোৰ আপত্তি নাই।'

২৫. দুলীয়াজান আৰক্ষীৰ জালত ড্ৰাগছসহ ৩ ড্ৰাগছ সেৱনকাৰী। আৰক্ষীয়ে আটক কৰা যুৱক কেইজন ক্ৰমে- ৰ্নিমল লামা, চন্দ্ৰ ফুকন আৰু ৰক্তিম হাজৰিকাক।