/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/one-minute-news-new.jpg)
১. 'নৰেন্দ্ৰ মোডী ডেংগি মহ'। প্ৰাক্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা সুশীল কুমাৰ সিন্দেৰ জীয়াৰী প্ৰণীতি সিন্দেই সোমবাৰে মোদীক কটাক্ষ কৰিলে এইদৰে।
২. ধুবুৰীত ইৰাণী গ্ৰুপৰ ত্ৰাস। গৌৰীপুৰৰ জ্যেষ্ঠ নাগৰিক তথা ধুবুৰী ৰাজহ চক্ৰ কাৰ্যালয়ৰ অৱসৰপ্ৰাপ্ত উচ্চ বৰ্গৰ সহায়ক প্ৰভাষ চন্দ্ৰ ৰায়ৰ এটিএমৰ পৰা লুট কৰি নিলে ৪০ হাজাৰ টকা।
৩. সোমবাৰৰ বিয়লি ভাগৰ পৰা সন্ধানহীন হৈ আছে ছিপাঝাৰৰ ৩ কিশোৰ। আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে। আৰক্ষী সূত্ৰই সদৰী কৰা অনুসৰি কলকাতাৰ অভিমুখে গৈ আছে ৩ কিশোৰ।
৪. ৰে'লৰ খুন্দাত সোমবাৰে সন্ধিয়া দুলীয়াজানত এজন যুৱকে প্ৰাণ হেৰুৱায়। উজনিমুৱা অৱধ আছাম ৰে'লৰ খুন্দাত প্ৰাণ হেৰুওৱা যুৱকজন দুলীয়াজানৰ জয়া নগৰৰ সঞ্জীৱ দাস বুলি জানিব পৰা গৈছে।
৫. ভাৰতীয় ক্ৰিকেট দলৰ প্ৰেছ বলাৰ বৰুণ আৰোণৰ সোমবাৰে ২৯ সংখ্যক জন্মদিন। ১৯৮৯ চনৰ ২৯ অক্টোবৰত জন্মগ্ৰহণ কৰা বলাৰ গৰাকীৰ বলিং স্পিড ঘণ্টাত ১৫০ কিঃমিঃ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/downloaddlhjklfhjkl.jpg)
৬. হায়দৰাবাদৰ এখন জনসভাত বিজেপি অধ্যক্ষ অমিত শ্বাহৰ ঘোষণা- '২০১৯ত পুনৰ দেশৰ প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোদী।'
৭. সোমবাৰে দ্বিতীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱৰ পঞ্চম দিন। দেশ-বিদেশৰ মুঠ ২১ খন ছবি প্ৰদৰ্শিত হয় আজিৰ দিনটোত। ৩১ অক্টোবৰত অন্ত পৰিব এই মহোৎসৱ।
৮. দিল্লীৰ প্ৰদূষণক লৈ পুনৰ সৰৱ উচ্চতম ন্যায়ালয়। ১০ বছৰ পুৰণি ডিজেল চালিত আৰু পেট্ৰ'ল চালিত ১৫ বছৰ পুৰণি বাহনৰ ওপৰত নিষেধাজ্ঞা সুনিশ্চিত কৰিবলৈ চৰকাৰক নিৰ্দেশ।
৯. দিল্লীৰ চৰকাৰৰ নতুন চৰকাৰী নীতি। প্ৰাক্তন খেলুৱৈ সকলক চৰকাৰী চাকৰি প্ৰদান কৰিব কেজৰিৱাল চৰকাৰে।
১০. আসন্ন ছত্তীশগড় বিধানসভা নিৰ্বাচনৰ প্ৰচাৰত গান্ধী পৰিয়ালক তাচ্চিল্য নকৰে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অজিত যোগীয়ে। সোমবাৰে যোগীয়ে কৰিলে এই ঘোষণা।
১১. 'চিকিৎসকসকলে ৰোগীকসকলক কেৱল মেডিকেল কেছ বুলি লোৱাৰ পৰিৰ্ৱতে মানুহ হিচাপে চিকিৎসা কৰিব লাগে।' সোমবাৰে ছিক্কিমত এখন চিকিৎসা মহাবিদ্যালয়ত এই মন্তব্য ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/b5b06e4c-ff4e-4b50-a37a-51b8ee7fc0ec.jpg)
১২. মহাৰাষ্ট্ৰৰ থানেত অট্ৰালিকাৰ বাহৰ জখলা খহি পৰি ১১জন শ্ৰমিক আহত। ইয়াৰে ৪জনৰ অৱস্থা সংকটজনক।
১৩. সোমবাৰে মুখ্যমন্ত্ৰী সোণোৱাল উপস্থিত নগাঁও আৱৰ্ত ভৱনত। নগাঁও আৰু মৰিগাঁও জিলা উপায়ুক্তৰে মিলিত হয় এখন বৈঠকত। আগন্তুক পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত এই বৈঠক।
১৪. শ্ৰীলংকাৰ ৰাজনৈতিক সংকটৰ পৰিপ্ৰক্ষিতত সোমবাৰে এক প্ৰতিবাদী সমদলৰ ওপৰত নিৰাপত্তাৰক্ষীৰ গুলীচালনা। এজন নিহত হোৱাৰ লগতে দুজন প্ৰতিবাদকাৰী গুৰুতৰভাৱে আহত।
১৫. সোমবাৰে জম্মু-কাশ্মীৰৰ পন্থা চকত সন্ত্ৰাসবাদীয়ে আক্ৰমন কৰে বিএছএফৰ বাহনত। সন্ত্ৰাসবাদীৰ এই আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৫জন জোৱান।
১৬. ৬৭ বছৰ বয়সত দেওবাৰে নিশা মৃত্যু হয় বলিউদৰ জনপ্ৰিয় অভিনেতা অৰ্জুন ৰামপালৰ মাতৃ। অন্ত্যাষ্টিক্ৰিয়াত উপস্থিত বলিউদৰ কেইবাজনো তাৰকা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/91149393-da8f-4d03-8b90-8323a3178a54.jpg)
১৭. জাপানত প্ৰবাসী ভাৰতীয়সকলে আয়োজন কৰা এখন সভাত মোডীৰ মন্তব্য- 'ভাৰত এতিয়া পৰিৱৰ্তনৰ দিশত। আজিৰ সময়ত শীতল পানীয়ৰ এটা সৰু বটলতকৈ সুলভ ১ জি বি ডাটা।'
১৮. সোমবাৰে তুনিছিয়াত এগৰাকী মহিলাই অগ্নিসংযোগ কৰি আত্মহত্যাৰ অপচেষ্টা। তুনিছিয়াৰ ৰাজধানী তুনিছত সংঘটিত হৈছে এই ঘটনা।
১৯. 'আগন্তুক পঞ্চায়ত নিৰ্বাচন অকলে খেলিব অসম গণ পৰিষদে।'- সোমবাৰে অগপৰ নিৰ্বাচনী সমিতিৰ বৈঠকত এই ঘোষণা কৰে ৰমেন্দ্ৰ নাৰায়ণ কলিতাই।
২০. পাঠশালাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই এখন ছুইফ্ট ডিজায়াৰ পতিত হয় এই দুৰ্ঘটনাত। গুৰুতৰভাৱে আহত চাৰিজনকৈ লোক।
২১. হোজাইৰ বিধায়ক শিলাদিত্য দেৱক সংযত হৈ থাকিবলৈ সকীয়ালে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে। সংযত নহ'লে ইয়াৰ পৰিণাম শিলাদিত্য দেৱে ভুগিব লাগিব বুলি মন্তব্য ৰঞ্জিত দাসৰ।
২২. সোমবাৰে পুৱা দিল্লীত নাঙ্গলাই অঞ্চলত ৰে'লৰ খুন্দাত নিহত হয় ৩জন লোক। খবৰ অনুসৰি ৰে'ল লাইনত বহি মদ্যপান কৰি আছিল ব্যক্তি কেইজনে।
২৩. দিল্লীৰ বৱানা অঞ্চলত সোমবাৰে পুৱা এগৰাকী শিক্ষয়ত্ৰীক গুলীয়াই হত্যা কৰে দুৰ্বৃৰ্ত্তই। আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/DqrKzdLWoAAXSr4.jpg)
২৪. দেওবাৰে শ্ৰীলংকাৰ পেট্ৰলিয়াম মন্ত্ৰী অৰ্জুনা ৰানাটুংগাক গ্ৰেপ্তাৰ। মন্ত্ৰীগৰাকীৰ নিৰাপত্তাৰক্ষীয়ে প্ৰতিবাদকাৰীলৈ লক্ষ্য কৰি কৰা গুলীচালনাৰ পাছতেই গ্ৰেপ্তাৰ কৰে মন্ত্ৰীগৰাকীক।
২৫. আৰু, ১৬ নৱেম্বৰত অসমৰ ছবিগৃহত মুক্তি পাব অসমীয়া ছবি ' চিমা দ্য আনটল্ড ষ্টৰি'। ছবিখনৰ পৰিচালনা কৰিছে হীৰেন বৰাই।