১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

author-image
asomiyapratidin
New Update
১ মিনিটত ২৫ খবৰ…

১. শুকুৰবাৰে অসম পাবহি মিঃ ৱৰ্ল্ড গোলাপ ৰাভা। সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বহুকেইটা সংগঠনে বৰঝাৰ বিমান বন্দৰত উষ্ম আদৰণি জনাব অসম সন্তানজনক। শুভাকাংশীৰ ৰে'লীৰে বকোৰ নিজ বাসগৃহত উপস্থিত হ'ব গোলাপ ৰাভা।

২. শুক্ৰবাৰে অসমৰ ছবিগৃহত মুক্তি পাব অসমীয়া ছবি 'ৰাজা ৰিচানৰ্ছ'। মহানগৰীৰৰ ভিন্নস্থানত ছবিখনৰ প্ৰচাৰ কৰিলে ছবিখনত জড়িত শিল্পীসকলে।

৩. বিৰাট কোহলীৰ শেহতীয়া প্ৰদৰ্শনক লৈ প্ৰশংসাত পঞ্চমুখ সৌৰভ গাংগুলী। বিৰাট কোহলী শচীন তেণ্ডুলকাৰৰ সমপৰ্যায়ৰ তাৰকা বুলি প্ৰশংসা কৰিলে গাংগুলীয়ে।

৪. পুনৰ নিয়ম উলংঘা কৰিলে চীনে। বৃহস্পতিবাৰে ভাৰত সীমান্তত ১০ মিটাৰ ভিতৰলৈ সোমাই আহিল চীনৰ হেলিকপ্টাৰ।

৫. মি টুৰ সন্দৰ্ভত নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে বলিউদৰ কেইবাজনো পৰিচালকে। পৰিচালক সকলৰ সৈতে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে অভিনেতা আমিৰ খানেও।

৬. অহা ১৪ নৱেম্বৰত দক্ষিণ ভাৰতৰ ৰীতি-নীতিৰে বিবাহপাশত আৱদ্ধ হ'ব দীপিকা-ৰণবীৰ। ১ ডিচেম্বৰত ডুবাইৰ গ্ৰেণ্ড হায়াত হোটেলত ৰখা হৈছে বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান।

৭. ফুটবলৰ তাৰকা ৰোণাল্ড'ৰ ওপৰত উঠা যৌন নিৰ্যাতনৰ সন্দৰ্ভত বৃহস্পতিবাৰে মুখ খুলিলে খেলুৱৈ গৰাকীয়ে। সংবাদমাধ্যমৰ সন্মুখত ক'লে- 'সময়ত সকলো কথা পোহৰলৈ আহিব।'

৮. দিল্লীত বৃহস্পতিবাৰে সন্ধিয়া এটা ৰূমৰ পৰা উদ্ধাৰ কৰা হয় দুগৰাকী যুৱতীৰ মৃতদেহ। আৰক্ষীৰ মতে চোকা অস্ত্ৰৰে আঘাত কৰি হত্যা কৰা হৈছে যুৱতী কেইগৰাকীক।

৯. বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ'ল দ্বিতীয় গুৱাহাটী আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ। শংকৰদেৱ কলাক্ষেত্ৰত আনুষ্ঠানিকভাৱে এই মহোৎসৱৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

১০. নাগৰিকত্ব সংশোধনী বিলৰ সন্দৰ্ভত বৃহস্পতিবাৰে সাংসদ গৌৰৱ গগৈৰ মন্তব্য- 'ব্ৰক্ষপুত্ৰত উটুৱাই দিব লাগে নাগৰিকত্ব সংশোধনী বিল।'

১১. বৃহস্পতিবাৰে ৭ দিনীয়া ভ্ৰমনসূচীৰে লখিমপুৰ আৰু ডিব্ৰুগড় লোকসভা সমষ্টিলৈ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস। পৃষ্ঠপ্ৰমুখ নিযুক্তি আৰু বিভিন্ন বুথ সন্মিলনত মিলিত হ'ব দাস।

১২. বৃহস্পতিবাৰে ৰাজস্থানৰ এখন জনসভাত কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীৰ মন্তব্য 'কংগ্ৰেছ চৰকাৰ গঠন হলে সেয়া হব কৃষকৰ চৰকাৰ।'

১৩. পুনৰ কৃষকে কপাঁব দিল্লী। ২৯ আৰু ৩০ নৱেম্বৰত দিল্লীৰ ফৰিদাবাদ, গাজিয়াবাদ আৰু গুৰগ্ৰামত একত্ৰিত হ'ব দেশৰ ২০৭টা কৃষক সংগঠন।

১৪. অমৃতসৰৰ ৰে'ল দুৰ্ঘটনাৰ পাছত বৃহস্পতিবাৰে দেশৰ ৰে'লমন্ত্ৰীক ৰে'লপথৰ কাষত চিচি টিভি আৰু ওখ দেৱাল নিৰ্মাণৰ বাবে পত্ৰযোগে অনুৰোধ জনালে পঞ্জাৱৰ মন্ত্ৰী নৱজিত সিঙ সিদ্ধুয়ে।

১৫.  অহা ২৮ অক্টোবৰত দুদিনীয়া ভ্ৰমণসূচীৰে জাপানলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দেশৰ সুৰক্ষা সম্পৰ্কীয় ভিন্ন বিষয় আলোচনা কৰা বাবে মোদীৰ এই জাপান ভ্ৰমণ।

১৬. পদত্যাগ নকৰে দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালাই। মুখ্যমন্ত্ৰীৰ সৈতে বহা আলোচনাৰ পাছতে এই ঘোষণা গোৱালাৰ।

১৭. পুনৰ মুখ্য সচিব হিচাপে অসম চৰকাৰে নিযুক্তি দিলে ভি কে পিপাৰছেনিয়া। এপিডিচিএল, এইজিচিএল, এইডিচিএলৰ দায়িত্ব পিপাৰছেনিয়াক।

১৮. বৃহস্পতিবাৰে মুম্বাইৰ সাগৰত নাও দুৰ্ঘটনা। বৰ্তমানেও এজন লোক সন্ধানহীন।

১৯. ৰাজস্থান বিধান সভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ মোক্ষম আঘাত। জয়পুৰ জিলাৰ বিজেপি অধ্যক্ষই বৃহস্পতিবাৰে যোগদান কৰিলে কংগ্ৰেছত।

২০. অভয়াপুৰী পিৰাধৰাত ভয়াৱহ অগ্নিকাণ্ড। ৬ টা বাসগৃহকে ধৰি প্ৰায়  ৬০ লাখ টকাৰ সম্পত্তি জাহ যায় জুইত।

২১. বৃহস্পতিবাৰে আমেৰিকাৰ লুইছৱিলেত দুবৃৰ্ত্তৰ গুলীত ২জন লোক নিহত। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুবৃৰ্ত্তজনক।

২২. উত্তৰপ্ৰদেশত এম্বুলেন্স আৰু ট্ৰাকৰ সংঘৰ্ষ। থিতাতে নিহত ৩জন লোক আৰু আহত ৪ জন।

২৩. ঝাৰখণ্ডৰ  ৰামগড় জিলাত বৃহস্পতিবাৰে স্কুল বাছ দুৰ্ঘটনা। কথমপি প্ৰাণৰক্ষা  ৩৫ খন শিক্ষাৰ্থীৰ।

শুকুৰবাৰে অসম পাবহি মিঃ ৱৰ্ল্ড গোলাপ ৰাভা
শুকুৰবাৰে অসম পাবহি মিঃ ৱৰ্ল্ড গোলাপ ৰাভা

২৪. বৃহস্পতিবাৰে হিমাচল প্ৰদেশৰ চম্বাত ২০০ মিটাৰ দ' খাৱৈত পৰিল এখন বাহন। ৪জন লোক গুৰুতৰভাৱে আহত।

২৫. মহাৰাষ্টত ভয়ংকৰ অগ্নিকাণ্ড। নিমিষতে ছাঁই হল ৫ টা বাসগৃহ। ২জন লোক নিহত।