১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

author-image
asomiyapratidin
New Update
১ মিনিটত ২৫ খবৰ…

১. অখিল গগৈ, জিতেন দত্ত আৰু আজিজুৰ ৰহমানক গ্ৰেপ্তাৰৰ দাবী ৰাম সেনা অসম নামৰ সংগঠনৰ। আটাইকেইজনৰ বিৰুদ্ধে বন্ধৰ সময়ত আইন বিৰোধী কাৰ্যকলাপত জড়িতৰ অভিযোগ। দিছপুৰ থানাত এজাহাৰ দাখিল সংগঠনটোৰ।

২.  নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগত অগপ আৰু বি পি এফক স্থিতি স্পষ্ট কৰাৰ আহ্বান কৃষক নেতা অখিল গগৈৰ। ৭ দিনৰ ভিতৰত বিধেয়কখনৰ বিৰোধীতাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক সাক্ষাৎ কৰিব ৪৬ সংগঠনে। সংবাদমেলযোগে এই কথা ঘোষণা অখিল গগৈৰ।

৩. মঙলবাৰৰ অসম বন্ধত কৃষক মুক্তিৰ নেতা কৰ্মীক গোলাঘাটত আৰক্ষীয়ে আটক কৰাক লৈ গোলাঘাট আৰক্ষীক সমালোচনা অখিল গগৈৰ। গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষকৰ বহু চিণ্ডিকেটৰ কথা উদঙাই দিয়াৰ কথা প্ৰকাশ কৃষক নেতাজনৰ।

৪.  মহানগৰীৰ গেট হাস্পতাল মৃত বুলি ঘোষণা কৰা শিশু মিৰ্জাৰ বাস গৃহলৈ নিয়াৰ পাছত পুনৰ জীৱিত হয়। অপূৰ্ব কলিতা আৰু কবিতা কলিতাৰ ৪ মহীয়া পুত্ৰ নয়ন মণি কলিতা বৰ্তমান ল গেট হাস্পতালৰ আই চি ইউত চিকিৎসাধীন। সমগ্র ঘটনা ৰহস্যৰ আৱৰ্তত।

৫. ৰাজ্যৰ বিভিন্ন স্থানত বুধবাৰে পালন কৰা হয় আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰীশ্ৰী লক্ষ্মী পূজা। লক্ষ্মী দেৱীৰ বন্দনাৰে আধ্যাত্মিক পৰিবেশ সূচনা হয় পূজাৰ সময়ত।

৬. চিকিত্‍সকৰ অৱহেলাৰ বাবে বুধবাৰে জুৰিন বেগম নামৰ এগৰাকী ৪২ বছৰীয়া মহিলাৰ মৃত্যু হয় অসম চিকিৎসা মহাবিদ্যালয়ত। স্নায়ুৰোগ বিশেষজ্ঞৰ অৱহেলাৰ বাবে মহিলাগৰাকীৰ মৃত্যুৰ অভিযোগ স্বামীৰ। তেওঁৰ অভিযোগ ১২-১৩ ঘণ্টা ধৰি মহিলাগৰাকীৰ চিকিত্‍সাৰ ব্যৱস্থা কৰা নাছিল চিকিৎসকে।

৭. এটি শিশুক বলাত্কাৰৰ অভিযোগত বুধবাৰে যোৰহাট আৰক্ষীয়ে চহৰখনৰ জে বি ৰোডৰ পৰা আটক কৰে এজন যুৱকক। প্ৰাপ্ত খবৰ অনুসৰি যুৱকজনৰ ঘৰ জিলাখনৰ তিতাবৰত।

৮. অসম বন্ধৰ সময়ত ৰেলপথত টায়াৰ জ্বলাই প্ৰতিবাদ কৰা কৃষক মুক্তিৰ সদস্যক আটক। বুধবাৰে গোলাঘাটৰ বৰপথাৰ আৰক্ষীয়ে আটক কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৪ নেতাক।

৯. লক্ষী পূজাৰ উলহ মালহৰ মাজতে তামুলপুৰত অঘটন। ৰাজীৱ বড়ো নামৰ যুৱকজনে হত্যা কৰিলে নিজ পিতৃক। পিতৃ ভক্ত বড়োক হত্যা কৰাৰ পাছতে ৰাইজে আটক কৰে যুৱকজনক।

১০. চি বি আয়ে হিন্দুস্তান এৰৌনটিক্স লিমিটেডৰ ৭ কৰ্মচাৰীৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ। বিগত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা জুলাই মাহলৈ কণ্ট্ৰেকটৰক কোম্পানীৰ ৫ কোটি  টকা জালিয়াতিৰে দিয়াৰ অভিযোগ।

১১. নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতাৰে পুনৰ বুধবাৰে মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই। তেওঁৰ মতে, এই বিধেয়কখন গৃহীত হলে ৰাজ্যত সৃষ্টি হব ভয়াৱহ পৰিস্থিতিৰ।

১২. চতীশগড়ত সুকমা জিলাত ১জন চি আৰ পি এফ জোৱানৰ নিজৰ চাৰ্ভিছ ৰিভলভাৰেৰে গুলীয়াই  আত্মহত্যা। তদন্ত অব্যাহত।

১৩. 'চিবিআই এতিয়া বিবিআই হ'ল, বিজেপি ব্যুৰো ইনভেষ্টিগেশ্যন'- এই মন্তব্য পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ।

১৪. আমেৰিকাৰ ফ্লৰিডাত ব্বিধংসী ধুমুহা বতাহ চলাইছে তাণ্ডৱ । ধুমুহা-বতাহত নিহত হয় ২৯ জন লোক।

১৫. চাৰিবছৰৰ অন্তত ৰূপালী পৰ্দালৈ ঘূৰি আহিছে জনপ্ৰিয় গায়ক হনী সিঙ। বুধবাৰে মুকলি হল সংগীত এলবামৰ পোষ্টাৰ।

১৬. মহাৰাষ্টত নাও দুৰ্ঘটনা। কথমপি প্ৰাণৰক্ষা ২৪ যাত্ৰীৰ। দুৰ্ঘটনাত নিহত এজন নিহত।

১৭. থাইলেণ্ডত অনুষ্ঠিত অনুৰ্ধ-১৯ চেম্পিয়নশ্বীপ ফুটবল খেলত বুধবাৰে পাকিস্তানক ১৮-০ পৰাস্ত কৰিলে ভাৰতে। ২৬ অক্টোবৰত নেপালৰ সৈতে মুখামুখি।

১৮. দক্ষিণ আফ্ৰিকাত বৃহস্পতিবাৰে ভাৰতীয় এজন ব্যৱসায়ীক গুলীয়াই হত্যা। ব্যৱসায়ীজনৰ নাম বলজিৎ সিঙ।

১৯. ২৮ নৱেম্বৰ অনুষ্ঠিত হবলগা বিধানসভা নিৰ্বাচনৰ বাবে বৃহস্পতিবাৰে কংগ্ৰেছে ঘোষণা কৰে ৪০ জনীয়া প্ৰাৰ্থীৰ তালিকা।

২০. বুধবাৰে চৰাইদেও জিলাৰ ৭টা পথৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী তপন গগৈয়ে। ইয়াৰ সমান্তৰালকৈ দিনটোত মন্ত্ৰীজনে শুভাৰম্ভ কৰে জলসম্পদ বিভাগৰ ১০৪ খন আঁচনিৰ লগতে সমষ্টিৰ খহনীয়া প্ৰতিৰোধ আঁচনিৰ।

২১. বঙাইগাঁও জিলাৰ গান্ধী ময়দানত সাত দিনীয়া গ্ৰন্থ উৎসৱ। বুধবাৰে উৎসৱৰ উদ্বোধন কৰে বঙাইগাঁৱৰ উপায়ুক্ত বাবুলাল শৰ্মাই। যথেষ্ট গ্ৰন্থ প্ৰেমীৰ ভিৰ দেখিবলৈ পোৱা যায় বুধবাৰে সন্ধিয়া।

২২. ২৮ অক্টোবৰত মেঘালয়ত বিধানসভাৰ নিৰ্বাচন। প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিলে কংগ্ৰেছে। ৰাজ্যখনৰ দক্ষিণ চাম্পপাই আৰু চাৰশ্বিপ সমষ্টিৰ পৰা প্ৰতিদ্বণ্ডিতা আগবঢ়াব মুখ্যমন্ত্ৰী লাল থানহাৱালাই।

২৩. পলাশবাৰীত ৭২তম ৰাস মহোৎসৱৰ লাইখুটা স্থাপন কৰা হয় বুধবাৰে। ২৩ নৱেম্বৰৰ পৰা ৩ ডিচেম্বৰলৈ অনুষ্ঠিত হব পলাশবাৰী ৰাস। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আনুষ্ঠানিক ভাৱে মুকলি কৰিব এই ৰাসৰ।

২৪. বৃহস্পতিবাৰে মুক্তি পালে হিন্দী ছবি 'পিহু'ৰ ট্ৰেইলাৰ। ১৬ নৱেম্বৰত মুক্তি পাব ছবিখনে।

২৫. আৰু, ২৫ অক্টোবৰৰ পৰা গুৱাহাটীত আৰম্ভ হব দ্বিতীয় আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ। শংকৰদেৱ কলাক্ষেত্ৰ আৰু জ্যোতিচিত্ৰবনত প্ৰদৰ্শিত হব দেশ-বিদেশৰ ৭০খনৰো অধিক চলচ্চিত্ৰি।