১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

author-image
asomiyapratidin
New Update
১ মিনিটত ২৫ খবৰ…

১. ফেশ্বন ডিজাইন কাউঞ্চিল অৱ ইণ্ডিয়াৰ উদ্যোগত অনুষ্ঠিত লটাছ মেক আপ ইণ্ডিয়া ফেশ্বন উইকত জিলিকিল অসমৰ সংযুক্তা দত্ত। ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ পৰম্পৰাগত সাজ মুগাৰ মেখেলা চাদৰ।

২. শুকুৰবাৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা স্থাপন কৰে বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ। উক্ত অনুষ্ঠানতে সূতা কম্বলৰ ৰাজনীতিক লৈ কংগ্ৰেছক সমালোচনা মন্ত্ৰীজনৰ।

৩. জাৰ্কাটাত অনুষ্ঠিত পেৰা এছিয়ান গেমছত শ্বটপুট প্ৰতিযোগিতাত শুকুৰবাৰে ভাৰতৰ দীপা মালিকে ব্ৰঞ্জৰ পদক অৰ্জন কৰে। এই বৰ্ষৰ পেৰা এচিয়ান গেমছত ভাৰতৰ পদকৰ সংখ্যা ৬৭ লৈ বৃদ্ধি।

৪. অৱশেষত আদালতে ৩০ অক্টোবৰলৈ স্থগিত কৰিলে এ পি এছ চি কেলেংকাৰীৰ মূল নায়ক ৰাকেশ পালৰ জামিন আবেদনৰ শুনানি। পূৰ্বে বৃহস্পতিবাৰৰ পৰা শুকুৰবাৰলৈ আদালতে স্থগিত কৰিছিল ৰাকেশ পালৰ জামিনৰ শুনানি।

৫. শুকুৰবাৰে ক্ষেত্ৰী আৰক্ষীৰ জালত পৰে ভুৱা জি এছ টি বিলেৰে কয়লা সৰবৰাহ কৰা এখন ট্ৰাক। আৰক্ষীয়ে জব্দ কৰা ট্ৰাকখনৰ নম্বৰ এ এছ ০১-ডি ডি ১২৫৩।

৬. ১৬ অক্টোবৰত মুকলি হ'ব দিল্লীৰ ৰাণী ঝান্সী উৰণীয়া দলং। ৬ লেনযুক্ত ১.৮ কি:মি: দৈৰ্ঘ্যৰ এই দলং খনৰ কাম ২০ বছৰ পূৰ্বেই আৰম্ভ কৰা হৈছিল।.

৭. বিশ্বৰ আগশাৰীৰ আমেৰিকান আলোচনী 'জি কিউ'ৰ ভাৰতীয় ডিজিটেল সংস্কৰণৰ বেটুপাতত অসম কন্যা হিমা দাসৰ ছবি। কিছুদিন পূৰ্বে আলোচনীখনে হিমালৈ আগবঢ়াইছিল "ইয়ং ইণ্ডিয়ান অব দ্য ইয়েৰ" সন্মান।

৮. অটুট থাকিব অগপ-বিজেপি আৰু বিপিএফৰ মিত্ৰতা। নগাঁৱত সাংবাদিকৰ প্ৰশ্নত এই মন্তব্য স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

৯. ২৭ জুনত বিদ্যুৎ বিভাগৰ হেমাহিৰ বাবে কৰিমগঞ্জৰ ফকিৰাবজাৰত বিদ্যুৎ কৰ্মী মুক্তেশ্বৰ ভট্টাচাৰ্যৰ মৃত্যু হোৱাৰ অভিযোগ। পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত শুকুৰবাৰে আৰক্ষীয়ে আটক কৰে সহকাৰী অভিযন্তাসহ ৩ জন কৰ্মচাৰীক।

১০. বৃদ্ধি পালে সোণৰ দাম। প্ৰতি ১০ গ্ৰাম সোণত ২০০টকাকৈ বৃদ্ধি। বৰ্তমান সোণৰ মূল্য ৩১,৮৫০ টকা।

১১. গহপুৰৰ পুৰুপবাৰীত ২ দুৰ্বৃত্তৰ গুলীত আহত যোগেন্দৰ শ্বাহ নামৰ এজন ব্যৱসায়ী। দোকান বন্ধ কৰি ঘৰলৈ ওভতাৰ পথত দুৰ্বৃত্তৰ গুলীত আহত হোৱা ব্যৱসায়ীজনক ততাতৈয়াকৈ তেজপুৰলৈ প্ৰেৰণ।

১২. শান্তি-শৃংখলা অটুট ৰখাৰ উদ্দেশ্যৰে অনিৰ্দিষ্টকাললৈ দৰং জিলা প্ৰশাসনৰ ১৪৪ ধাৰা জাৰি। নিশা নাও, ফেৰী চলাচলত প্ৰশাসনে নিষেধাজ্ঞা আৰোপ কৰিছে যদিও বিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰী, শিশু, ৰোগীৰ লগতে বিশেষভাৱে সক্ষম লোকক ৰেহাই দিয়া হৈছে এই ধাৰাৰ পৰা।

১৩. আমেৰিকাৰ ফ্ল'ৰিডাত বিধংসী ধুমুহাত প্ৰাণ গ'ল ৬ জনৰ। ২০০০ উদ্ধাৰকাৰীয়ে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।

১৪. উত্তৰ প্ৰদেশৰ গাজিয়াবাদত ১৬ বছৰীয়া কিশোৰীক নিচাযুক্ত দ্ৰব্য খুৱাই ৫ জন যুৱকে কৰিলে বলাৎকাৰ। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আটাই কেইজন লম্পটক।

১৫. হোজাইৰ বিধায়ক শিলাদিত্য দেৱে সমষ্টিৰ বাট-পথ নিৰ্মাণত গুৰুত্ব নিদিয়ে। শুকুৰবাৰে লংকাত বিধ্বস্ত পথ মেৰামতিৰ দাবীত পথ অৱৰোধ কৰি এই মন্তব্য কৰে একাংশ স্থানীয় ৰাইজে।

১৬. শুকুৰবাৰে মুম্বাইৰ দাদৰ অঞ্চলত পুৱাই ৩৫ বছৰ বয়সীয়া এজন লোকক দুবৃৰ্ত্তই গুলীয়াই হত্যা কৰে। অনুসন্ধান অব্যাহত আৰক্ষীৰ।

১৭. 'ইৰাণৰ পৰা তেল আৰু ৰুচিয়াৰ পৰা এছ-৪০০ কিনিলে ভাৰতৰ একো লাভ নহয়।' আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ এজন মুখপাত্ৰৰ ভাষ্য।

১৮. মি টুৰ সন্দৰ্ভত শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰী মেনকা গান্ধীৰ মন্তব্য- ' গঠন কৰা সমিতিয়ে সকলো ঘটনাৰ সঠিক তদন্ত কৰিব।'

১৯. গংগাক আৱৰ্জনামুক্ত কৰা দাবীত বিগত ১১১ দিন অনশনত বহা  পণ্ডিত জে ডি আগ্ৰৱালৰ শুক্ৰবাৰে  দেহাৱসান। চৰকাৰলৈ আবেদন,পত্ৰ প্ৰেৰণ কৰিও পোৱা নাছিল কোনো সহাঁৰি ।

২০. শুকুৰবাৰে তামিলনাডুৰ এখন চিকিৎসালয়ত এগৰাকী মহিলাৰ পেটৰ পৰা অস্ত্ৰোপচাৰৰ জৰিয়তে উলিয়াই ৩৩.৫ কি:গ্ৰা: ওজনৰ টিউমাৰ। বিশ্বৰ সবাতোকৈ বৃহৎ টিউমাৰ বুলি জানিবলৈ দিয়ে চিকিৎসকে।

২১. ২০১৯ৰ লোকসভা নিৰ্বাচনত পঞ্জাৱৰ ১৩খন আসনতে প্ৰাৰ্থী থিয় কৰাব আম আদমী পাৰ্টিয়ে। শুকুৰবাৰে কেজৰিৱালে কৰিলে ঘোষণা ।

২২. চলিত বৰ্ষৰে ৭ ডিচেম্বৰত মুক্তি পাব ' টটেল ধামাল' । অজয়, মাধুৰীৰ লগতে বলিউদৰ  বহুকেইজন জনপ্ৰিয় অভিনেতাকো দেখা যাব ছবিখনত। ছবিখন পৰিছালনা কৰিছে ইন্দ্ৰ কুমাৰে।

২৩. ৱৰ্ল্ডকাপ হকী ২০১৮। ২৮ নৱেম্বৰৰ পৰা ১৬ ডিচম্বৰলৈ অনুষ্ঠিত হ'ব উৰিষ্যাত। শ্বাহৰুখ, গুলজাৰ আৰু এ আৰ ৰহমান উপস্থিত থাকিব উদ্ধোধনী অনুষ্ঠানত। বিশ্বৰ ১৬টা দলৰ অংশগ্ৰহণ।

২৪. কেন্দ্ৰীয় মন্ত্ৰী আকবৰৰ ওপৰত উঠা অভিযোগৰ সন্দৰ্ভত মধ্যপ্ৰদেশ মহিলা বিজেপি অধ্যক্ষৰ উদ্ভট মন্তব্য- 'মহিলা সাংবাদিক ইমান অকৰা নহয় যে কোনোবাই সুবিধা ল'ব।'

২৫. আৰু, আইচিচি  টি২০ ৰেংকিংত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ পঞ্চম স্থান। শীৰ্ষ স্থানত অষ্ট্ৰেলিয়া।