আচৰিত! পেট্ৰ’লতকৈও বেছি হ’ল ডিজেলৰ মূল্য

আচৰিত! পেট্ৰ’লতকৈও বেছি হ’ল ডিজেলৰ মূল্য

author-image
asomiyapratidin
New Update
দেওবাৰে হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

ডিজিটেল ডেস্কঃ প্ৰথমবাৰৰ বাবে দেশত এক অভিলেখ ৰচনা হ'ল। ডিজেলৰ মূল্য বেছি হ'ল পেট্ৰ'লৰ মূল্যতকৈ। ওড়িশ্যাত ২১ অক্টোবৰত ডিজেলৰ মূল্য পেট্ৰ'লৰ মূল্যতকৈ ১২ পইচা বৃদ্ধি পায়। উল্লেখযোগ্য যে, ৰাজ্যখনৰ ভূৱনেশ্বৰত ডিজেলৰ প্ৰতিলিটাৰত ৮০.৬৯ টকাকৈ বিক্ৰী হোৱাৰ বিপৰীতে পেট্ৰ'লৰ প্ৰতিলিটাৰৰ মূল্য আছিল ৮০.৫৭টকা।

ৰাজ্যখনত ডিজেল আৰু পেট্ৰ'লৰ ওপৰত চৰকাৰে আৰোপিত কৰৰ পৰিমাণ একেই। সেয়ে এই ঘটনা সংঘটিত হয় ৰাজ্যখনত। পেট্ৰ'লৰ মূল্যতকৈ ডিজেলৰ মূল্য বৃদ্ধি হোৱাৰ ফলত শাসকীয় বিজু জনতা দলক আক্ৰমণৰ লক্ষ্য কৰি লয় বিৰোধী পক্ষই। চৰকাৰৰ ভুল নীতিৰ বাবেই এই আচৰিত কাণ্ড সংঘটিত হয় বুলি কংগ্ৰেছে অভিযোগ তোলে।

উল্লেখযোগ্য যে, ওড়িশ্যাত ডিজেল-পেট্ৰ'লৰ ওপৰত ২৬ শতাংশ ভেট আৰোপিত হয়। কিন্তু আন ৰাজ্যত এয়া পৃথক। ওড়িশ্যাৰ বিত্ত মন্ত্ৰী এছ বি বেহৰাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়- এই ঘটনা কেন্দ্ৰত বিজেপি শাসিত চৰকাৰৰ ভুল নীতিৰ বাবে হ'বলৈ পালে। ডিজেলৰ মূল্য পেট্ৰ'লতকৈ বৃদ্ধি হোৱা ঘটনাই ভূৱনেশ্বৰৰ গ্ৰাহকসকলৰ মাজতো বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।