/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/18ef8880-8f52-45f8-8f75-e0b1f046616b.jpg)
ডিজিটেল সংবাদ, যোৰহাটঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ অসমীয়াৰ দীৰ্ঘদিনীয়া দাবী আছিল। অসমখনৰ জাতি-মাটি-ভেটি সুৰক্ষিত কৰি নিকপকপীয়াকৈ ভবিষ্যতৰ সুৰক্ষিত অসম গঢ়িবলৈ বদ্ধপৰিকৰ হৈছিল অসমীয়া। এটা সময়ত প্ৰতিবাদ, আন্দোলন, আলোচনা, বিলোচনা আদিৰ জৰিয়তে পাৰ হ'ল এচোৱা সুদীৰ্ঘ সময়।
অৱশেষত হ'ল উন্নীতকৰণ প্ৰক্ৰিয়া। অসমীয়াৰ বুকুত পুনৰ জাতীয়তাৰ আত্মীয়তাবোধ। ইমানদিনে কৰা আশাবোৰ পূৰ্ণ হ'ব সুখেৰে এমুঠি খাবলৈ পাব। সেউজীয়া পথাৰত আশাৰ সপোন ৰচি কৰিব পাৰিব সুস্থিৰ অসমত জীৱন অন্বেষণ। শাওণৰ পথাৰত জীপাল হব আশাবোৰ, ভাদ-আহিনত সজাল ধৰা ধাননিদৰাৰ দৰেই সজাল ধৰিব আৰু ধানে পোখামেলি সোনোৱালী বৰণৰে আগুৱাই যোৱাৰ দৰেই পোখামেলা আশাবোৰে ভবিষ্যতৰ সপোন ৰচি অবিৰাম আগুৱাই যাব।
মূৰৰ ঘাম মাটিত পেলাই চহ কৰা কেঁচা মাটিত সৃষ্টি হ'ব সোণোৱালী সপোনৰ আশাৰ উদ্দীপনা। নিজৰ মাটিত উৎপাদিত চাউলেৰে ভাতমুঠি খাই শান্তিৰ শয়নত নিহপালী দিব অসমীয়াই। সেয়া আছিল প্ৰায় চাৰি দশকৰ সপোন। কিন্তু আজি কি? এয়া যেন বিভ্ৰান্ত বাস্তৱ। এচমকা কলীয়া ডাৱৰে চানি ধৰি শাওনৰ পথাৰত কৃষকৰ আশাক কেতিয়াবা হা হুতাশালৈ পৰিণত কৰাৰ দৰেই এতিয়া সপোনৰ পথাৰত বিষন্নতাৰ আচ্ছাদন। যি এন আৰ চিৰ সপোনৰ পথ খেদি ৰচিছিল আশাৰ সপোন সেই সপোনৰ বাস্তবতাই যেন তচনচ কৰিব খুজিছে একাংশ সপোনপ্ৰয়াসী কৃষিজীবি অসমীয়াৰ সপোন। খেতি কৰিবলৈ গৈ মুৰে কপালে হাত দিবলগীয়া হৈছে।
শাওণৰ কুৰিদিনত আগতে মানুহে খেতি সামৰে ।কিন্তু এইবাৰ চনপৰি আছে উজনিৰ শ শ বিঘা কৃষিভূমি। উজনি অসমৰ যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, তিনিচুকীয়া জিলাৰ বহু এলেকাৰ কৃষিভূমি এইবছৰ বৰ্তমানলৈকে চন পৰি ৰোৱা দেখা গৈছে। ইয়াৰ মূলতে হ'ল এন আৰ চি। হয় আচৰিত আৰু মানিবলৈ টান হলেও এয়াই আজি বাস্তৱ।
এন আৰ চিৰ দ্বিতীয় খচৰা শাওণৰ মাজভাগতে প্ৰকাশ হোৱাত সমস্যাত পৰিছে কৃষকসকল। কিয়নো এইখিনিয়েই খেতিৰ ভৰপক সময় । কঠিয়া পৰা , মাটি চহোৱাৰ পাছত এই সময় হ'ল কঠিয়া পথাৰত গোজ মৰাৰ সময়। কিন্তু সেই সময়তে লাগিল খেলিমেলি। এন আৰ চিৰ বাবেই কৃষিলৈ আহিবলৈ সন্মত নহ'ল হালোৱা, ৰোৱনী আদি বিভিন্ন পৰ্যায়ৰ কৃষি বনুৱা। যিসকল কৃষি-বনুৱাৰ গৰিষ্ঠ সংখ্যকেই আহে নামনি অসমৰ সংখ্যালঘু অধ্যুষিত এলেকাৰপৰা। ২-৩মাহ উজনিৰ কৃষিকাৰ্য্যৰ লগত ওতপোতভাৱে জড়িত হৈ খেতিৰ ৰোৱা-তোলা সামৰি পুনৰ উভতি যায় ঘৰলৈ। পুনৰ আহে খেতি চপোৱাৰ সময়ত।
অত্যন্ত কৰ্মপটু আৰু পৰিশ্ৰমী এইসকলৰ ওপৰত নিৰ্ভৰ কৰিয়েই উজনিৰ বহু পথাৰত কৃষিকায্য চলে। যাৰ অবৰ্তমানত বহু পথাৰত কঠিয়া গোজ মৰাটোও চিন্তাৰ বিষয়। কিন্তু এইবাৰ সেইটোৱেই হল। এন আৰ চিৰ বাবে সংখ্যালঘু অধ্যুষিত এলেকাত বিয়পি পৰা অহেতুক চিন্তা আৰু বিভ্ৰান্তিৰ বাবেই সেইসকল লোক খেতিৰ ভৰপক সময়ত নাহিল উজনিলৈ।
ফলত উজনি অসমত ঠায়ে ঠায়ে ইয়াৰ এক প্ৰভাব পৰিলক্ষিত হ'ল। ফলত সেইসকলৰ অভাবত বহু লোকে কৃষিকাৰ্য্যত অসুবিধাৰ সন্মুখীন হৈছে। এন আৰ চি নাম থকা বুলি জানিব পাৰি দুই এজন আহিবলৈ আৰম্ভ কৰিছে যদিও শাওনৰ কুৰিদিনৰ পাছত খেতিৰ ভৰপক সময় উকলি গৈছে। মুঠতে এন আৰ চিৰ বাবেই ৰাজ্যৰ কৃষি অৰ্থনীতিত এয়া এক অজানা অনাকাংক্ষিত প্ৰভাৱ।