গুৱাহাটীৰ ঘৰত বহি ম’বাইলতেই কিনক লোকেল মাছ

গুৱাহাটীৰ ঘৰত বহি ম’বাইলতেই কিনক লোকেল মাছ

author-image
asomiyapratidin
New Update
গুৱাহাটীৰ ঘৰত বহি ম’বাইলতেই কিনক লোকেল মাছ

মাছ বিচাৰি আপুনি হাহাকাৰ কৰি ফুৰে। ভাল মাছ ক'ত পাব বজাৰত বিচাৰি চলাথ কৰে। সেই সমস্যা সমাধানৰ পথত। ঘৰতেই বহি মোবাইল লৈয়ে এইবাৰ কিনক লোকেল মাছ। পলাশজ্যোতি গগৈৰ এক প্ৰতিবেদন।

ভাল মাছ। বিচাৰিলেই গুৱাহাটীত পোৱা নাযায়। বিয়া-সভা বা অনুষ্ঠানৰ বাবে মাছ বিচাৰি চলাথ কৰিবলগীয়া হয়। বজাৰত ফৰ্মেলিন দিয়া মাছ আপুনি হয়তো নাখায়। মাছ বুলি ক'লেই ভয় খাই যায়। কিন্তু মাছ নহ'লেও নচলে। তেন্তে ক'ত পাব লোকেল মাছ? কাক ল'ব আস্থাত?

গুৱাহাটীৰ পৰা আপুনি গৈ ভিতৰুৱা গাঁৱত লোকেল মাছ ক্ৰয় কৰাতো সম্ভৱ নহয়। চিন্তা নকৰিব। আপোনাক ঘৰতে দি যাবহি লোকেল মাছ। বজাৰত চলি থকা দামতকৈ ১০ টকা কমত পাব। এনে এক ব্যৱসায় আৰম্ভ কৰিছে কেইজনমান অসমীয়া যুৱকে।'নমস্কাৰ গুৱাহাটী' নামৰ এখন ফাৰ্মৰ জৰিয়তে তেওঁলোকে গ্ৰাহকক যোগান ধৰিব লোকেল মাছ। ৰৌ, ভকুৱা, কাৱৈ যি মাছেই লাগে আপোনাক, আপুনি কেৱল খবৰ দিয়ক নমস্কাৰ গুৱাহাটী'ক।

মাছক লৈ বিতৰ্ক হৈছিল। বাহিৰৰ পৰা অহা চালানী মাছত ফৰ্মেলিন দিয়া নিদিয়াক লৈ চৰ্চা হৈ থকা সময়তে ২৮ জুলাইত মহানগৰীৰ কেইজনমান যুৱকে মিলি আৰম্ভ কৰিছে এই প্ৰচেষ্টা। ১০জন মান যুৱক নিয়োজিত কৰা হৈছে এই কামৰ সৈতে। এক ব্যতিক্ৰমী চিন্তাৰে গাঁৱে-ভূঞে গৈ থলুৱা মাছ বিচাৰি অভিযান চলাইছে। আৰু সেইবোৰ সংগ্ৰহ কৰি আনি গুৱাহাটীৰ গ্ৰাহকক দিয়াৰ চেষ্টা কৰিছে। তেওঁলোকে প্ৰথম অৱস্থাত লাভৰ কথা বেচি চিন্তা কৰা নাই।

যিকোনো প্ৰকাৰে থলুৱা মাছৰ এখন ভাল বজাৰ সৃষ্টিৰ বাবে মনযোগ দিছে। বৈকুণ্ঠ প্ৰিন্স পাঠক, সুবোধ দাস, পাৰ্থপ্ৰতীম ৰয়, মৃদুল ভূঞা, ধীৰেন ফুকন, পৰমা নাথ আদিয়ে মিলি এই মাছ ব্যৱসায়ক নতুনত্বৰ ৰূপ দিছে। ইতিমধ্যে তেওঁলোকে ৪০০খন মান হোটেলক যোগান ধৰে মাংস। ইয়াৰ বাবে তেওঁলোকে এটা ফেচবুক পেজো খুলিছে।

অচিৰেই তেওঁলোকে মুকলি কৰিব এখন বিপনী। অৱশ্যে অসুবিধাৰো সন্মুখীন হৈছে এই যুৱককেইজন। কিয়নো মাছসমূহ আনি সংগ্ৰহ কৰিবলৈ তেওঁলোকৰ নাই বিশেষ ব্যৱস্থা। নগাঁৱৰ কৃষ্ণ কলিতা নামৰ লোকজনে প্ৰথম যোগান ধৰিছিল মাছ। এতিয়া আন ঠাইৰ পৰাও লোকেল মাছ সংগ্ৰহ আৰম্ভ কৰিছে 'নমস্কাৰ গুৱাহাটী'য়ে। তেওঁলোকৰ দাবী- আপোনাক যদি সঁচাই ভাল মাছ লাগে তেন্তে এটা মাত্ৰ ফোন কৰক ৮৬৩৮২-৯০১১৭ নম্বৰত।