দীপাৱলীৰ প্ৰাকক্ষণত অন্তহীন ব্যস্ততাত মৃৎশিল্পীসকল

দীপাৱলীৰ প্ৰাকক্ষণত অন্তহীন ব্যস্ততাত মৃৎশিল্পীসকল

author-image
asomiyapratidin
New Update
দীপাৱলীৰ প্ৰাকক্ষণত অন্তহীন ব্যস্ততাত মৃৎশিল্পীসকল

ডিজিটেল সংবাদ, নগাঁওঃ সমাগত দীপাৱলী। দীপাৱলীৰ বতৰত এগৰাকী যুৱতীয়ে সমাজত দাঙি ধৰিছে এক নিৰ্দশন। কন্যা সন্তান হলেও যে পিতৃ মাতৃৰ সাৰথি হব পাৰে তাৰ নিৰ্দশন ডাঙি ধৰাই নহয় স্বাৱলম্বিতাৰ আৰ্দশ হিচাপে পৰিচিত হৈ পৰিছে যুবতীগৰাকী ।

উচ্চ শিক্ষা গ্ৰহণৰ লগতে দুহাতেৰে কৰ্ম কৰি যুবতীগৰাকী সাৰথি হব পাৰিছে বৃদ্ধ পিতৃ -মাতৃৰ। যুবতীগৰাকীৰ নাম উমা পাল। উমা এতিয়া নগাঁৱৰ চামগুৰি কনুৱামাৰীৰ লোকসকলৰ বাবে স্বাৱলম্বিতাৰ প্ৰতিক হিচাপে পৰিগনিত হৈছে। পোহৰৰ উৎসৱ দীপাৱলীৰ বাবে তাই এতিয়া যথেষ্ট ব্যস্ত। দিনে ৰাতিয়ে ব্যস্ত তাই মাটিৰ চাকি নিৰ্মানত। দৈনিক ১৫০০ টাকৈ মাটিৰ চাকি নিৰ্মাণ কৰে উমাই। ঠিক তেনেদৰে বিক্ৰী কৰিবলৈ বজাৰলৈও যায় উমা। শোনিতপুৰ, হোজাই, মৰিগাঁৱৰ লগতে গৃহ চহৰ নগাঁও তাইৰ বাবে ভাল বজাৰ।

ঘৰৰ পৰাও তাই বনোৱা মাটিৰ চাকি বিভিন্ন লোকে ক্ৰয় কৰে। ইফালে চাহিদা মতে যোগানহে ধৰিব পৰা নাই উমাই। পুৰণিগুদাম বি কে বি কলেজৰ স্নাতক মহলাৰ ছাত্ৰী উমাৰ মতে মাটিৰ চাকি বনাই বিক্ৰী কৰি মাক দেউতাকক সহায় কৰি অহাৰ লগতে নিজৰ খৰচ নিজে উলিয়াই আহিছে। উমা পাল নামৰ যুবতী গৰাকী আশাবাদী হাতে-কামে লাগি প্ৰতিগৰাকী যুৱতীয়ে স্বাবলম্বী হব পাৰে। ভবিষ্যতে অৰ্থ সঞ্চয় কৰি মৃৎ শিল্পৰ ব্যৱসায় ক্ষেত্ৰত নিজকে আৰু আগবঢ়াই নিয়াৰ সপোন পুহি ৰাখিছে যুৱতীগৰাকীয়ে।