/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/mur-mot.jpg)
এই শিতানটোৰ জৰিয়তে ৰাইজৰ মত 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণত প্ৰকাশ কৰা হয়। চৰ্চিত বিষয়ৰ সন্দৰ্ভত অতি চমুকৈ লিখা অৰ্থপূৰ্ণ লেখা এই শিতানত প্ৰকাশ পায়। আজিৰ 'মোৰ মত'ত বিশিষ্ট লেখক ড° অপূৰ্ব্ব কুমাৰ বৰুৱাৰ ২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেটৰ সন্দৰ্ভত এক চমু লেখা।
নিৰ্মলা সীতাৰামনৰ বাজেটত এইবাৰো সাধাৰণ মানুহৰ বাবে একো নাই। নিৰ্মলা সীতাৰমনে কৈছে, অৰ্থনীতি শুধৰাবৰ বাবে চৰকাৰে নিজে খৰচ বৃদ্ধি কৰিব যাতে বজাৰত চাহিদা বৃদ্ধি কৰিব পৰা যায়। কিন্তু বজাৰৰ চাহিদা বৃদ্ধি হ'বৰ বাবে জনসাধাৰণৰ হাতত খৰচ কৰিবলৈ পইচা থাকিব লাগিব। কোৰোনা আৰু লকডাউনৰ মাধমাৰে নিয়োগ হঠাতে কমাই নিবনুৱাৰ সংখ্যা অভূতপূৰ্ৱভাবে বঢ়ালে।সৰু আৰু মজলীয়া উদ্যোগ সমূহৰ ৩৫% বন্ধ হৈ গ'ল। চৰকাৰৰ বিত্তীয় অৱস্থা বেয়া হোৱাৰ বাবে চৰকাৰী আৰু ৰাজহুৱা খণ্ডৰ খালী চাকৰি খালী হৈ পৰি থাকিল।
চৰকাৰে চাকৰিৰ বাবে আৱেদন বিচাৰি আৰু নিয়োগ প্ৰাৰ্থীৰ পৰা পৰীক্ষাৰ মাচুল আদায় কৰাৰ এটা ব্যৱসায় আৰম্ভ কৰিলে। গ্ৰামাঞ্চলৰ শ্ৰমজীৱী মানুহৰ অৱস্থা নোহোৱা হ'ল। অৱস্থা এনে হৈছিল যে, চৰকাৰে যোৱা বছৰৰ বাজেট সংশোধন কৰি মহাত্মা গান্ধী এনৰেগা শিতানৰ খৰছ ১,১০, ৫৬৮ কোটিলৈ বঢ়াবলগা হৈছিল। নিবনুৱাৰ সমস্যা এতিয়াও শাম কটা নাই, অথচ বাজেটত এইবাৰ এই আঁচনিৰ বাবে কেৱল ৭২,০৩২ কোটিহে ধাৰ্য কৰা হৈছে। মধ্যমীয়া আৰু ক্ষুদ্ৰ উদ্যোগ সমূহক এই সময়ত ৰাজ সাহায্যৰ প্ৰয়োজন আছিল কিন্তু সীতাৰামনে এই বিষয়টোত গুৰুত্ব নিদি সকলো ৰকমৰ ব্যৱসায় আৰু উদ্যোগৰ বাবে ঋণৰ ব্যৱস্থা কৰিলেই হ'ব বুলি ধৰি লৈছে।
ইটো দেখ দেখকৈ বৃহৎ ব্যৱসায় আৰু ধনীৰ সুবিধাৰ বাবে কৰা হৈছে। কাৰণ ধনৰ অভাৱত ক্ষুদ্ৰ ব্যৱসায়ীয়ে ঋণ লৈ পৰিশোধ কৰিব নোৱাৰি বৃহৎ ব্যৱসায়ীক গটাবলগীয়া হ'ব আৰু এনে গোটবোৰ বন্ধ হোৱাৰ ফলত দৰিদ্ৰ শ্ৰমিকে চাকৰি হেৰুৱাব। আনহাতে পেট্ৰ'ল আৰু ডিজেলৰ প্ৰতি লিটাৰত ক্ৰমে ২টকা ৫০ পইচা আৰু ৪ টকাকৈ শুক্ল লগোৱাৰ ফলত সকলো বয় বস্তুৰ দাম ক্ষীপ্ৰ গতিত বাঢ়িব। তদুপৰি যিহেতু ডিজেল কৃষক সকলে খেতিৰ জল সিঞ্চন আৰু ট্ৰেক্টৰ আদি চলোৱাত ব্যৱহাৰ কৰে, সেইবাবে তিনিওখন নতুন আইনৰ দ্বাৰা বিপদত পৰা কৃষকসকলে ফচল উৎপাদনৰ ব্যয় বৃদ্ধিৰ বাবে বিপদৰো সন্মুখীন হ'ব লাগিব।
আন এটা ভয়ংকৰ কথা হৈছে, ৰাজহুৱা খণ্ডৰ সম্পদৰ বিক্ৰী ত্বৰান্বিতকৰণৰ বাবে চৰকাৰে এই বাজেটত কৰা ব্যৱস্থা। ৰাজহুৱা খণ্ডৰ বেংকৰ উপৰিও এইবাৰ বাজেটত বীমা খণ্ডত বৈদেশিক বিনিয়োগ সুচল কৰাৰ ব্যৱস্থা কৰিছে। ইয়াৰ ফলত দেশী আৰু বিদেশী বৃহৎ পুঁজি লাভাম্বিত হ'ব। ৰাজহুৱা প্ৰতিষ্ঠানৰ ব্যৱসায় আৰু উদ্যোগৰ ব্যক্তিগত কৰণৰ ফলত যে কৰ্মচাৰীৰ চাটাই হয় আৰু এনেবোৰ ব্যৱসায় আৰু উদ্যোগৰ পৰা হোৱা আয় চৰকাৰলৈ নগৈ বৃহৎ পুঁজিৰ হাতলৈ যায় তাক বুজাই কোৱাৰ প্ৰয়োজন নাই।
এই নীতি সমূহ যে কেৱল এমুঠি মান ধনীক আৰু অধিক ধনী হোৱাৰ সুবিধা কৰি দিবৰ বাবে কৰা হৈছে সেই বিষয়ে সন্দেহ নাই। মহিলাকে ধৰি সমাজৰ দূৰ্বল অংশক কোনো ধৰণৰ নতুন সহায়ৰ ব্যৱস্থা এই বাজেটত নাই। এই বাজেটে ধনীৰ ঘৰলৈ ভাড় লৈ যাব আৰু দৰিদ্ৰক মাধমাৰ সোধাব। অৱশ্যে আন্ত:গাঠনি আৰু স্বাস্থ্যখণ্ডৰ কিছু আৱন্তন বৃদ্ধি কৰা হৈছে। কিন্তু আমাৰ আগৰ অভিজ্ঞতাৰ পৰা বুজিছোঁ যে এনে ঘোষণাবোৰ ঘোষণা হৈয়ে থাকে আৰু থাকিব। জনসাধাৰণৰ দুৰ্ভোগৰহে অন্ত নহ'ব।