দৰৱেও মাতে স্বাস্থ্যৰ বাবে বিপদ! চৰকাৰে নিষিদ্ধ কৰিলে ৩২৮ বিধ ঔষধ

দৰৱেও মাতে স্বাস্থ্যৰ বাবে বিপদ! চৰকাৰে নিষিদ্ধ কৰিলে ৩২৮ বিধ ঔষধ

author-image
asomiyapratidin
New Update
দৰৱেও মাতে স্বাস্থ্যৰ বাবে বিপদ! চৰকাৰে নিষিদ্ধ কৰিলে ৩২৮ বিধ ঔষধ

ডিজিটেল ডেস্কঃ ড্ৰাগছ এডভাইজৰী বৰ্ডৰ আবেদনক অনুমোদন জনাই কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে নিষিদ্ধ কৰিলে ৩২৮বিধ ঔষধ। তাৰে ভিতৰত কেইটামান হৈছে ছেৰীদেন টেবলেট, কফচিৰাপ, ফেন্সিদাইল, ডিক'ল্ড টোটেল ইত্যাদি।

ৰোগীৰ স্বাস্থ্যৰ বাবে এই ঔষধ সমূহ হানিকাৰক বুলি প্ৰমাণিত হোৱাৰ পাছতে নিষিদ্ধ কৰাৰ নিৰ্দেশ দিলে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে। শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ জাৰি কৰা হৈছে এই নিৰ্দেশনা। এনেদৰে ঔষধ বন্ধ কৰাৰ পাছতে এতিয়া লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে বিক্ৰেতাসকল।

ইয়াৰ ফলত লোকচানৰ পৰিমাণ প্ৰায় ২৫০০ টকা হ'ব বুলি অনুমান কৰা হৈছে। ইফালে, এনেদৰে ঔষধ কেইবিধৰ বিক্ৰী নিষিদ্ধ কৰাৰ ফলত সমগ্র দেশজুৰি সৃষ্টি হৈছে তীব্র প্ৰতিক্ৰিয়াৰ।