চীনক বিমুখ কৰিলে মালয়েছিয়াই

চীনক বিমুখ কৰিলে মালয়েছিয়াই

author-image
asomiyapratidin
New Update
চীনক বিমুখ কৰিলে মালয়েছিয়াই

ডিজিটেল ডেস্কঃ চীন ভ্ৰমণলৈ যোৱা মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী মহাতিৰ মহম্মদে মঙলবাৰে চীন সমৰ্থিত তিনিটা পৰিযোজনা কাম কৰিব পৰা নাযাব বুলি ঘোষণা কৰে।

বৰ্তমান মালয়েছিয়া চৰকাৰৰ আৰ্থিক সংকটৰ বাবে এই পৰিযোজনা কেইটা কাৰ্যকৰী কৰিব নোৱাৰে বুলিও মতপোষণ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে। পৰিকল্পনা কেইটাৰ ভিতৰত এটা আছিল মালয়েছিয়াৰ ৰাজধানীৰ পৰা থাইলেণ্ডৰ দক্ষিণপ্ৰান্ত সংযোগী এক ৰেলপথ নিৰ্মাণ।

বাকী দুটা পৰিকল্পনা আছিল গেছৰ পাইপলাইন সম্পৰ্কীয় পৰিযোজনা। এই তিনিটা পৰিযোজনাত মুঠ খৰচ হ'ব প্ৰায় ডেৰ লাখ কোটি টকা। বৰ্তমান ১৭.৫ লাখ কোটি টকাৰ ঋণ থকা মালয়েছিয়া চৰকাৰে এই বৃহৎ পৰিমানৰ পুজিঁ ব্যয় কৰিব নোৱাৰে বুলি জানিবলৈ দিয়ে প্ৰধানমন্ত্ৰী গৰাকীয়ে।