/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/maggie.jpg)
ডিজিটেল ডেস্কঃ ২০১৫ চনৰ আগলৈকে ভাৰতত নুডলছ বুলিলেই সকলোৰে মনলৈ আহিছিল মেগীৰ নাম। কিন্তু সেই বৰ্ষৰ জুনত ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড নিৰূপক কৰ্তৃপক্ষ চমুকৈ এফএছএছএআই-য়ে মেগীত মন'ছডিয়াম গ্লুটামেটৰ মাত্ৰা বেছি থকাতো ধৰা পৰাত ভাৰতত প্ৰচলন বন্ধ কৰি দিয়ে।
এফএছএছএআইৰ এই সিদ্ধান্তৰ পিছতে মেগীৰ বজাৰ মুহূৰ্ততে সমগ্ৰ দেশতে মন্দা হৈ পৰিছিল যদিও হাৰ মানিবলৈ মুঠেই প্ৰস্তুত নাছিল প্ৰতিষ্ঠানটো। আইনী যুঁজত জয়ী হোৱাৰ পাছতে একেটা বৰ্ষৰে নৱেম্বৰত পুনৰ বজাৰলৈ ঘূৰি আহিছিল মেগী।
শেহতীয়া এক তথ্য মতে সংকট কালৰ পৰা অগ্ৰগতি লাভ কৰি মেগীয়ে পুনৰ ভাৰতৰ নুডলছৰ বজাৰৰ ৬০ শতাংশ দখল কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে সংকট কালৰ আগলৈকে মেগীৰ এই হাৰ আছিল ৭৫ শতাংশ।
বৰ্তমানৰ ধাৰা অব্যাহত থাকিলে মেগীয়ে আগৰ স্থান দখল কৰিবলৈ বেছি সময়ৰ প্ৰয়োজন নহয় বুলি আশা ব্যক্ত কৰিছে নেছলে'ৰ পৰিচালন সঞ্চালক সুৰেশ নাৰায়ণে। উল্লেখ্য যে নেছলেই বিগত বৰ্ষত ১০ হাজাৰ কোটিৰো অধিক টকাৰ সামগ্ৰী বিক্ৰী কৰিবলৈ সমৰ্থ হৈছে।