কৰ্তন নহয় জেট এয়াৰৱেজৰ বিষয়া-কৰ্মচাৰীৰ দৰমহা

কৰ্তন নহয় জেট এয়াৰৱেজৰ বিষয়া-কৰ্মচাৰীৰ দৰমহা

author-image
asomiyapratidin
New Update
কৰ্তন নহয় জেট এয়াৰৱেজৰ বিষয়া-কৰ্মচাৰীৰ দৰমহা

ডিজিটেল ডেস্কঃ জেট এয়াৰৱেজৰ কৰ্মচাৰীলৈ আহিল সুখবৰ। বিমান উৰণ প্ৰতিষ্ঠানটোত নিয়োজিত কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা কৰ্তন কৰাৰ সিদ্ধান্ত লৈছিল কোম্পানীটোৰ কৰ্তৃপক্ষই।

কোম্পানীটোৰ কৰ্মচাৰীৰ ব্যাপক প্ৰতিবাদৰ পাছত এই প্ৰস্তাৱ বাতিল কৰিছে জেড এয়াৰ ৱেইজৰ কৰ্তৃপক্ষই। বিত্তীয় সংকটৰ সৈতে জোৰা মাৰিবলৈ কোম্পানীটোৰ কৰ্তৃপক্ষই এনে এক পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছিল।

তাৰ পাছতেই সৃষ্টি হোৱা পৰিস্থিতিৰ পাছত কোম্পানীটোৰ কৰ্মচাৰী প্ৰতিনিধিৰ সৈতে জেট এয়াৰৱেজৰ কৰ্তৃপক্ষ এক বৈঠকত বহিছিল। যোৱা সপ্তাহত অনুষ্ঠিত এক বৈঠকৰ পাছতেই কোম্পানীটোৰ বিষয়াৰ ৫-২৫ শতাংশ দৰমহা কৰ্তনৰ যি সিদ্ধান্ত লৈছিল, সেই সিদ্ধান্ত উঠাই লয়।

জেট এয়াৰৱেজৰ এক সূত্ৰ অনুসৰি ইন্ধৰ বৰ্ধিত দাম, টকাৰ মূল্য হ্ৰাস আদি প্ৰত্যাহ্বানৰ পাছত ভৱিষ্যতৰ কথা ভাবিয়েই এই সিদ্ধান্ত লৈছিল।