/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/iree.jpg)
ডিজিটেল ডেস্কঃ ফিলিপাইনছৰ আন্তৰ্জাতিক ধান গৱেষণা কেন্দ্ৰ চমুকৈ 'ইৰি'ৰ সঞ্চালক প্রধান ডঃ মেথিও মোৰেল, দক্ষিন এছিয়াৰ সঞ্চালক ডঃ ইউ এছ সিং আৰু দক্ষিণ এছিয়াৰ সমন্বয়ক ডঃ সুধাঙশু সিঙে অসম চৰকাৰৰ কৃষি বিভাগৰ সঞ্চালক এম এছ মনিভান্নান, এৰিয়াছ ছোঁচাইটি ৰ ৰাজ্যিক আঁচনি সঞ্চালক বিনোদ চেছান, উদ্যান শস্য আৰু সংসাধন বিভাগৰ সঞ্চালক প্ৰবীণ হাজৰিকা আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণা সঞ্চালক ডঃ এ ভট্টাচাৰ্যই ২২ আগষ্টত এক আলোচনাত মিলিত হয়।
ডঃ মেথিওৱে ইৰিৰ নতুন প্ৰযুক্তি উদ্ভাৱনৰ জৰিয়তে জীবন ধাৰণৰ মানৰ বাবে বিভিন্ন অনুষ্ঠানৰ সৈতে একেলগে কাম কৰাৰ কথা দোহাৰে। তেওঁ অসমৰ কৃষি খণ্ডৰ উন্নয়নৰ বাবে বিভিন্ন দেশত কৃতকায্যতাৰে ৰূপায়ণ হোৱা বিভিন্ন আঁচনিৰ আলমত কাম কৰাৰো পোষকতা কৰে।
লগতে খাদ্য উপাদান যেনে জিংক আৰু আইৰণ থকা ধানৰ জাত, বানপানী বা খৰাং সহণশীল ধানৰ জাতৰ উদ্ভাৱনৰ কথা তেওঁ কয়। তেওঁ অসমৰ ধানৰ জাতসমূহ আন্তৰ্জাতিক পৰ্যায়ত চিনাকী কৰি দিয়াৰ পোষকতা কৰে। 'এপাৰ্ট'ৰ পৰা পোৱা সহায় সহযোগ তেওঁ ধন্যবাদ জ্ঞাপন কৰে আৰু ভৱিষ্যতেও সহায় সহযোগিতা কামনা কৰে।
কৃষি বিভাগৰ সঞ্চালক এম এছ মনিভান্নানে বানপানী, খৰাং, পোক-পতংগ, বেমাৰ প্ৰতিৰোধী বিভিন্ন প্ৰযুক্তিৰ বাবে ইৰিৰ সহযোগ কামনা কৰে। এৰিয়াছ ছ'চাইটিৰ আঁচনি সঞ্চালক বিনোদ চেছানে কৃষি ভূমি কমি অহা কথা দোহাৰে আৰু ধানৰ ক্ষেত্ৰত কিদৰে উদ্যমী হ'ব পাৰে তাৰ আভাস দিয়াৰ লগতে উৎকৃষ্ট মানৰ পৰীক্ষাগাৰ স্থাপন কৰিবৰ বাবে ইৰিৰ সহযোগ কামনা কৰে।
উল্লেখযোগ্য যে, ডঃ মেথিওৱে তেওঁৰ এই চাৰিদিনীয়া অসম ভ্ৰমণ কালত অসম চৰকাৰৰ বিভিন্ন বিষয়া আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ বিষয়া বৰ্গৰ লগত মিলিত হ'ব।