/asomiyapratidin/media/media_files/2025/09/11/1-2025-09-11-11-39-42.jpg)
ডিজিটেল ডেস্কঃ ভাৰতৰ ধৰ্মীয় পৰ্যটন ক্ষেত্ৰখনত এক নতুন ধাৰা পৰিলক্ষিত হৈছে। মন্দিৰ পৰ্যটনত প্ৰিমিয়াম শ্ৰেণীৰ হোটেলৰ প্ৰতি চাহিদা তীব্ৰভাৱে বৃদ্ধি পাইছে। প্ৰায় ৭ হাজাৰ টকাৰ পৰা ১০ হাজাৰ টকাৰ মূল্যৰ হোটেলৰ কোঠা বুকিং ২৪ শতাংশ বৃদ্ধি পোৱাৰ তথ্য গৱেষণাত প্ৰকাশ পাইছে।
লক্ষ্যণীয় যে, মেক মাই ট্ৰিপৰ পিলগ্ৰিমেজ ট্ৰেভেল ট্ৰেণ্ডছ ২০২৪–২৫ ৰ তথ্য অনুসৰি, তীৰ্থযাত্ৰা পৰ্যটনে দেশৰ ভ্ৰমণ আৰু পৰ্যটন উদ্যোগৰ অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা খণ্ড হিচাপে আত্মপ্ৰকাশ কৰিছে। ২০২৪–২৫ বিত্তীয় বৰ্ষত ৫৬ টা তীৰ্থস্থানৰ বুকিং ১৯% বৃদ্ধি পাইছে।
প্ৰয়াগৰাজ, বাৰাণসী, অযোধ্যা, পুৰী, অমৃতসৰ, তিৰুপতি আদি পৰম্পৰাগত তীৰ্থস্থানে বৃহৎ সংখ্যক ভক্তক আকৰ্ষণ কৰি থকাৰ বিপৰীতে খাতুশ্যাম জী, ওমকাৰেশ্বৰ, তিৰুচেন্দুৰৰ দৰে বিখ্যাত স্থান সমূহতো দৰ্শনাৰ্থীৰ প্ৰবল গতি লাভ কৰিছে।
প্ৰাপ্ত তথ্য অনুসৰি, ৭০০০ আৰু ১০০০০ ৰ ভিতৰত মূল্যৰ হোটেলৰ কোঠাৰ বুকিং ২৪% বৃদ্ধি পাইছে, আৰু ১০০০০ ৰ ওপৰৰ মূল্যৰ কোঠাৰ বুকিং ২৩% বৃদ্ধি পাইছে। একে সময়তে, হোমষ্টে আৰু বিকল্প সমূহত বুকিং প্ৰায় ১০% হোৱা পৰিলক্ষিত হৈছে।