ডিজিটেল ডেস্কঃ ভাৰতৰ বীমা খণ্ডৰ ২০২০-২৩ সময়ছোৱাত চক্ৰ বৃদ্ধি বাৰ্ষিক বিকাশৰ হাৰ (CAGR) ১১ শতংশ বৃদ্ধি হৈছে। ইয়াৰ জৰিয়তে মুঠ ১৩০ বিলিয়ন ডলাৰৰো অধিক গ্ৰছ ৰিটেন প্ৰীমিয়াম অৰ্জন কৰিবলৈ সক্ষম হৈছে।
এয়া চীন আৰু থাইলেণ্ডৰ তুলনাত বহু বেছি। তেওঁলোকৰ CAGR ৫ শতাংশৰো তলত। Mckinsey & Company ৰ এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে।
প্ৰতিবেদন অনুসৰি ২০২৩ চনৰ ভিতৰত জীৱন বীমা খণ্ড ১১ শতাংশ বাৰ্ষিক বৃদ্ধিৰ সৈতে ১০৭ বিলিয়ন ডলাৰত উপনীত হৈছে। সাধাৰণ বীমা খণ্ড ১৫ শতাংশ বৃদ্ধি হৈ ৩৫.২ বিলিয়ম ডলাৰত উপনীত হৈছে।
ভাৰতৰ জীৱন বীমা কোম্পানীসমূহে তেওঁলোকৰ মূল্যাঙ্কন বহুগুণে বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। এছিয়াৰ অন্যান্য দেশৰ তুলনাত ভাৰতৰ জীৱম বীমা কোম্পানীসমূহৰ পিই অনুপাত সাতৰ পৰা দহ গুণ অধিক।
প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি অৱশ্যে শক্তিশালী প্ৰীমিয়াম বৃদ্ধি হোৱাৰ পাছত ভাৰতৰ বীমা প্ৰৱেশৰ হাৰ ২০২২ চনৰ ৪.২ শতাংশৰ পৰা ২০২৩ চনত ৪ শতাংশ হ্ৰাস পাইছে। এয়া অৰ্থনীতিৰ বিকাশৰ সৈতে সামঞ্জস্যপূৰ্ণ নহয়।
Mckinsey & Company ৰ এই প্ৰতিবেদনে পুনৰ কয় যে, ব্যয় ব্যৱস্থাপনা আৰু কাৰ্যকৰী দক্ষতাৰ প্ৰত্যাহ্বানৰ বাবে যোৱা পাঁচ বছৰত ভাৰতৰ শীৰ্ষ পাঁচটা ব্যক্তিগত জীৱন বীমা কোম্পানীৰ লাভৰ হাৰ ২ শতাংশতকৈ কম বৃদ্ধি হৈছে।
প্ৰতিবেদনত কোৱা হৈছে চৰকাৰৰ বাবে জীৱন বীমাৰ প্ৰৱেশ বৃদ্ধি কৰি বছৰি প্ৰায় ১০ বিলিয়ন ডলাৰ ৰাহি কৰাৰ এক সুযোগ হ’ব পাৰে। ই দুৰ্ঘটনা বা অনিৰ্ধাৰিত ঘটনাৰ দ্বাৰা ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক ৰাষ্ট্ৰীয় সহায় আৰু প্ৰয়োজনীয় সমৰ্থন প্ৰদান কৰাত সহজ কৰি তুলিব।
আনহাতে যদি কৃষি বীমাৰ প্ৰতি লক্ষ্য নিৰ্ধাৰণ কৰা হয় তেন্তে শস্যৰ লোকচান হ্ৰাস, ঋণ পৰিশোধ নকৰাৰ সংখ্যা হ্ৰাস আৰু উৎপাদনশীলতা বৃদ্ধি কৰাৰ সুযোগো আছে।