/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/Rs-India-1.jpg)
ডিজিটেল ডেস্কঃ হোৰাহোৰে কমিছে টকাৰ মূল্য। মঙলবাৰে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি ডলাৰৰ বিপৰীতে প্ৰথমবাৰৰ বাবে ভাৰতীয় টকাৰ মূল্যই ৭০ৰ ঘৰ অতিক্ৰম কৰে। সোমবাৰে ১.০৯ টকা অৱনমিত হোৱাৰ পিছত ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য হৈছিলগৈ ৭০.১।
মঙলবাৰে পুনৰ ই ৭০.০৯ স্পৰ্শ কৰেগৈ। ভাৰতীয় টকাৰ মূল্য ক্ৰমাত হ্ৰাস পোৱাৰ বাবে বিশ্লেষকসকলে আমেৰিকা আৰু তুৰস্কৰ মাজৰ সম্পৰ্কৰ অৱনতিকে জগৰীয়া কৰা দেখা গৈছে। উল্লেখ্য যে বিমুদ্ৰাকৰণৰ পিছত ভাৰতীয় টকাৰ মূল্য বৃদ্ধি পাব বুলি চৰকাৰৰ লগতে কেবাজনো অৰ্থনৈতিক বিশ্লেষকে মত আগবঢ়াইছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/WhatsApp-Image-2018-08-14-at-12.30.36-PM.jpeg)
কিন্তু বাস্তৱত ইয়াৰ ওলোটা ছবিহে দেখা গৈছে। বিমুদ্ৰাকৰণৰ পিছত দিনে দিনে ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য এনেদৰে হ্ৰাস পোৱাক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে দেশৰ অৰ্থনৈতিক বিশ্লেষকসকল।
- তুৰস্কত দেখা দিয়া সংকটৰ পিছতে ভাৰতীয় টকাৰ মূল্য হ্ৰাস পোৱাৰ আশংকা। আমেৰিকা আৰু তুৰস্কৰ মাজত দেখা দিয়া জটিলতাই বিশ্ব অৰ্থনীতিত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা।
- আমেৰিকাৰ সৈতে সংঘাত হোৱাৰ পিছতে সোমবাৰে এটা দিনতে তুৰ্কী মুদ্ৰা ১১ শতাংশ অৱনমিত হয়। এই লৈ এতিয়া কম্পমান হৈ পৰিছে বিশ্বৰ বজাৰ।
- তুৰস্কৰ ৰাষ্ট্ৰপতি ৰেছেপ এডোগেনৰ আমেৰিকাক হুংকাৰ। ডলাৰৰ পৰিৱৰ্তে নতুন ধৰণৰে বিশ্বৰ বজাৰত ব্যৱসায় কৰিব বুলি সদৰী তুৰস্কৰ ৰাষ্ট্ৰপতিৰ।
- ১৯৭৪ চনৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে আমেৰিকাৰ সৈতে এনেদৰে সম্পৰ্কৰ অৱনতি ঘটিছে তুৰস্কৰ। ইয়াৰ বিৰূপ প্ৰভাৱ দেখা গৈছে সমগ্ৰ বিশ্বৰ শ্বেয়াৰ বজাৰত।