ৰেল নে ঘোঁৰা গাড়ী? আজিও গড়ে ঘণ্টাত ৩২ কিঃমিঃ বেগতহে চলে ভাৰতৰ ৰে’ল

ৰেল নে ঘোঁৰা গাড়ী? আজিও গড়ে ঘণ্টাত ৩২ কিঃমিঃ বেগতহে চলে ভাৰতৰ ৰে’ল

author-image
asomiyapratidin
New Update
জাগীৰোডত ৰে’লৰ আগত জাঁপ দি দুভৰি হেৰুৱালে মহিলাই

প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ ভাৰতৰ যাতায়াতৰ ক্ষেত্ৰত ৰে'লপথৰ ভূমিকাই প্ৰধান। বিশ্বৰ ভিতৰত দ্বিতীয় আৰু এছিয়াৰ ভিতৰত সৰ্ববৃহৎ ভাৰতীয় ৰে'ল বিভাগ। ১,২১,৪০৭ কিঃমিঃ যাত্ৰা পথ সামৰি লোৱা ভাৰতীয় ৰে'ল বিভাগৰ অধীনত নিতৌ চলে ১৩হাজাৰখন যাত্ৰীবাহী ৰে'ল আৰু ৯,২০০খন মালবাহী ৰে'ল। দেশজুৰি আছে প্ৰায় ৮,৫০০ ৰে'ল ষ্টেচন।

২০১৭চনৰ তথ্য অনুসৰি ভাৰতীয় ৰে'ল বিভাগৰ আছে এক বৃহৎ আন্তঃগাঁথনি। ৭০,৯৩৭টা পেছেঞ্জাৰ ক'চ, প্ৰায় ১৩ লক্ষাধিক বিষয়া-কৰ্মচাৰী আৰু দৈনিক মুঠ ২২হাজাৰৰো অধিক ৰে'ল চলাচলেৰে ভাৰতীয় ৰে'লে দেশৰ অৰ্থনীতিৰো বহু দিশ নিৰ্ণয় কৰে। ২০১৭-১৮ বৰ্ষৰ ভাৰতীয় ৰে'লেৰে যাতায়াত কৰা যাত্ৰীৰ সংখ্যা আছিল ৮.২৬ বিলিয়ন। এই সময়ছোৱাত ভাৰতীয় মালবাহী ৰে'লে পৰিবহণ কৰা সামগ্ৰীৰ পৰিমাণ আছিল ১.১৬ বিলিয়ন টন।

দেশৰ মুঠ ৭৫ শতাংশ লোকে যাতায়াত কৰে ৰে'লত। খাদ্য সামগ্ৰীকে ধৰি ৯০ শতাংশ বয়বস্তু বিভিন্ন স্থানলৈ সৰবৰাহ কৰা হয় মালবাহী ৰে'লৰ জৰিয়তে। কিন্তু যি হাৰত ভাৰতীয় ৰে'লৰ আন্তঃগাঁথনি উন্নত হ'ব লাগিছিল সেই হাৰত এতিয়াও ভাৰতীয় ৰেল ব্যৱস্থা উন্নত হোৱা নাই। বৰ্তমান গড়ে ঘণ্টাত মাত্ৰ ২৪কিঃমিঃ বেগেৰেহে চলিব পাৰে মালবাহী ৰেল।

আনহাতে, যাত্ৰীবাহী ৰেলৰ গতিবেগ প্ৰতিঘণ্টাত গড়ে ৫০.৬ কিঃমিঃ। প্ৰয়োজন অনুসৰি দ্বৈত বা তাতোধিক ৰেল পথৰ ব্যৱস্থা নথকা, ৰেলপথ সমূহ মেৰামতিৰ বাবে বন্ধ হৈ থকা, অনুন্নত ছিগনেল ব্যৱস্থা আদিৰ বাবেই  বিশ্বৰ উন্নত দেশবোৰৰ তুলনাত ভাৰতীয় ৰে'লৰ চলাচলৰ গতিবেগ আজিও যথেষ্ট কম হৈ আছে।

অৰ্থাৎ মালবাহী আৰু যাত্ৰীবাহী ৰে'লৰ গড় গতিবেগ ৩২.৩ কিঃমিঃ প্ৰতিঘণ্টাত। ভাৰতত গড়ে এই গতিবেগত ৰে'ল চলাৰ বিপৰীতে আন উন্নত দেশবোৰত ৰে'লৰ গড় গতিবেগ ইয়াৰ দুগুণৰো অধিক।

ৰে'লৱে জংচনসমূহত পৰ্যাপ্ত ৰে'লপথ আৰু প্লেটফৰ্মৰ অভাৱ, অনুন্নত ৰেলৱেৰ ট্ৰেফিক ব্যৱস্থাৰ বাবেই ঘণ্টাৰ পিছত ঘণ্টা ধৰি সমীপৰ ষ্টেচনত আৱদ্ধ হৈ থাকিবলগীয়া হয়। ইফালে, যাত্ৰীৰ নিৰাপত্তাও ভাৰতীয় ৰে'লৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান। অপৰাধজনিত বহু ঘটনা ৰে'লৰ ভিতৰত বা প্লেটফৰ্মত সংঘটিত হয় যদিও, সেইবোৰ প্ৰতিৰোধৰ ক্ষেত্ৰত আজিও উপযুক্ত ব্যৱস্থা লোৱাত ব্যৰ্থ হৈছে ৰে'ল বিভাগ।

দেশৰ ভিতৰতে সৰ্বোচ্চ ৰাজহ সংগ্ৰহ ৰেলৱে বিভাগতেই হয়। আন্তঃগাঁথনি উন্নত আৰু আধুনিকৰণৰ বাবে ৰে'ল বিভাগে যথেষ্ট ধন ব্যয় কৰে যদিও তাৰ ফল কিন্তু প্ৰকৃতাৰ্থত ৰেল যাত্ৰীসকলে লাভ নকৰে। ৰে'লৰ খাদ্যৰ মান অতি নিম্ন হোৱাৰ লগতে ৰেলৱে ষ্টেচনসমূহত থাকিবলগীয়া ব্যৱস্থা সমূহো গৰিষ্ঠ সংখ্যক ৰেল ষ্টেচনতেই নাথাকে। প্ৰায় ৮ সহস্ৰাধিক ৰেলৱে ষ্টেচন থকা ভাৰতীয় ৰে'লৱেত আছে মাত্ৰ ১০টাহে আন্তঃৰাষ্ট্ৰীয় মান সম্পন্ন ৰে'লে ষ্টেচন।

ৰে'ল বিভাগত সংঘটিত দুৰ্নীতি ভাৰতীয় ৰেলৰ আন এক সমস্যা। পেট্ৰ'ল জাত সামগ্ৰী পৰিবহণৰ ক্ষেত্ৰত ৰে'ল বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে মিলি পৰিবহণত হোৱা ক্ষতিৰ বিপৰীতে প্ৰদান কৰা ধন আত্মসাৎ কৰাৰ ছিণ্ডিকেট দীৰ্ঘদিনৰ পৰা চলি অহাৰ অভিযোগ নতুন নহয়। একেদৰে বিনা টিকটত যাত্ৰা কৰা যাত্ৰীৰ পৰা সংগ্ৰহীত ধন ৰেল বিভাগত জমা দিয়াৰ বিপৰীতে একাংশ ৰেলৰ কৰ্মচাৰীয়ে নিজৰ জেপত ভৰাই থয়।

কাৰ্যতঃ দেশৰ সৰ্ববৃহৎ ৰাজহ সংগ্ৰহকাৰী ৰেল বিভাগে যিধৰণে আন্তঃগাঁথনি উন্নত কৰিব পাৰিব লাগিছিল, সেয়া সম্ভৱ হোৱা নাই। ৰেলৱেৰ নিযুক্তিৰ ক্ষেত্ৰতো যথেষ্ট বেমেজালি ৰেল বিভাগত দেখা পোৱা যায়। বহু সম্ভাৱনা থকাৰ পাছতো এতিয়া ৰেল বিভাগৰ এনে খেলিমেলিৰ বাবে এতিয়া সাধাৰণ লোকেও বহুসময়ত বিভাগটোৰ প্ৰতি আস্থাহীনতাই দেখা দিছে। বিশেষকৈ দৰিদ্ৰ লোকৰ যাতায়াতৰ বাবে বিস্বস্ত মাধ্যম আছিল ৰেল। বিভিন্ন কাৰণত যাতায়াতৰ বাবে প্ৰয়োজন হোৱা অত্যাধিক সময়ৰ বাবে বহুলোকে ৰেলৰ সলনি এতিয়া বিকল্প হিচাপে বাধ্যত পৰি বিমান যাত্ৰাকে পছন্দ কৰা হৈছে।