টকা যদি বচাব খোজে অট’ৰপৰা নামক, বিমানত উঠক!

টকা যদি বচাব খোজে অট’ৰপৰা নামক, বিমানত উঠক!

author-image
asomiyapratidin
New Update
টকা যদি বচাব খোজে অট’ৰপৰা নামক, বিমানত উঠক!

ডিজিটেল ডেস্কঃ এতিয়া দেশত অট' ভাড়াতকৈ সস্তা বিমান যাত্ৰাৰ ভাড়া। বিশ্বাস কৰকেই বা নকৰক, এই কথা কোনো সাধাৰণ মানুহে কোৱা নাই। কেন্দ্ৰীয় ৰাজ্যিক অসামৰিক বিমান মন্ত্ৰী জয়ন্ত সিনহাৰ দাবী এয়া।

মন্ত্ৰীগৰাকীয়ে দাবী কৰে- এতিয়া বিমান ভাড়া, অট'ৰিক্সা ভাড়াতকৈ সস্তা। মন্ত্ৰীগৰাকীয়ে লগতে কয়- আপুনি সুধিব এয়া কেনেকৈ সম্ভৱ হৈছে? যেতিয়া দুজন লোকে এখন অট'ত উঠি অট'ৰিক্সাৰ ভাড়া লয়, তেতিয়া প্ৰতি কিঃমিঃৰ বাবে তেওঁলোকে দিব লাগে ১০ টকা। অৰ্থাৎ এজনে প্ৰতি কিঃমিঃ অট'ভাড়াৰ নামত দিবলগীয়া হয় ৫টকাকৈ।

কিন্তু বৰ্তমান বিমানেৰে যাওঁতে প্ৰতি কিঃমিঃত যাত্ৰীসকলে ভৰিব লাগে মাত্ৰ ৪টকাকৈ। অৱশ্যে লাভ চলি থকা নাই দেশৰ বিমান সেৱাসমূহ। চি এ পি এৰ এক প্ৰতিবেদন অনুসৰি বিমান যাত্ৰাত হোৱা ব্যয় অনুসৰি বৃদ্ধি হোৱা নাই বিমানৰ টিকটৰ মূল্য।

চলিত বৰ্ষত দেশৰ বিমান সেৱা আগবঢ়োৱা কোম্পানী সমূহে সৰ্বমুঠ ১.৯ বিলিয়ন ডলাৰ লোকচানৰ সন্মুখীন হ'ব লাগিব বুলি অনুমান কৰিছে। এয়াৰ ইণ্ডিয়া, জেট এয়াৰ ৱেইজ আদিয়ে বিমান যাত্ৰাৰ ব্যয়তকৈ কম মূল্যত বিমানযাত্ৰীৰ পৰা কম ভাড়া আদায় লয় বুলি চি এ পি এৰ সূত্ৰত প্ৰকাশ।