ভাৰতৰ প্ৰথমটো জিংক টেইলিংছ ৰিপ্ৰচেছিং প্লাণ্ট স্থাপনৰ বাবে অনুমোদন

বছৰি এক কোটি টন ক্ষমতাসম্পন্ন এই নতুন উদ্যোগটো ২৮ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, কোম্পানীটোৱে উৎপাদন ক্ষমতা দুগুণ কৰাৰ পৰিকল্পনা কৰিছে।

author-image
Asomiya Pratidin
New Update
new ap web 6 (10)

ডিজিটেল ডেস্কঃ হিন্দুস্তান জিংক লিমিটেডৰ ব’ৰ্ডে ৰাজস্থানৰ ভিলৱাৰা জিলাৰ ৰামপুৰা আগুচাত ভাৰতৰ প্ৰথমটো জিংক টেইলিংছ ৰিপ্ৰচেছিং প্লাণ্টৰ বাবে ৩,৮২৩ কোটি টকাৰ বিনিয়োগত অনুমোদন জনাইছে।

এই তথ্য কোম্পানীটোৱে এক্সচেঞ্জ ফাইলিঙত প্ৰকাশ কৰিছে। বছৰি এক কোটি টন ক্ষমতাসম্পন্ন এই নতুন উদ্যোগটো ২৮ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, কোম্পানীটোৱে উৎপাদন ক্ষমতা দুগুণ কৰাৰ পৰিকল্পনা কৰিছে।

হিন্দুস্তান জিংকৰ মুখ্য কাৰ্যবাহী বিষয়া অৰুণ মিশ্ৰাই কয় যে, “এই সুবিধাই পূৰ্বতে প্ৰক্ৰিয়াকৃত টেইলিঙৰ পৰা জিংক আৰু ৰূপৰ দৰে অৱশিষ্ট ধাতু উলিয়াব, যাৰ ফলত এসময়ত আৱৰ্জনা বুলি গণ্য কৰা বস্তুবোৰ মূল্যৱান সম্পদলৈ ৰূপান্তৰিত হ’ব।

উল্লেখ্য যে, চলিত বৰ্ষৰ আৰম্ভণিতে ব’ৰ্ডে শোধিত ধাতুৰ ক্ষমতা বছৰি ২৫০ কিলোটন বৃদ্ধি আৰু প্ৰায় ১২ হাজাৰ কোটি টকা ব্যয়ৰে খনি আৰু মিলিং আন্তঃগাঁথনি উন্নীতকৰণৰ বাবেও বিনিয়োগত অনুমোদন জনাইছিল।

ৰাজস্থান