বৰফে বঢ়াব আপেলৰ দাম!

বৰফে বঢ়াব আপেলৰ দাম!

author-image
asomiyapratidin
New Update
বৰফে বঢ়াব আপেলৰ দাম!

ডিজিটেল ডেস্কঃ আপেলৰ দাম হঠাৎ বৃদ্ধি পাব পাৰে। অভাৱনীয় হাৰত হিমাচল প্ৰদেশত নষ্ট হৈছে আপেল। এফালে বৰষুণ, আনফালে বৰফ পৰাৰ ফলত ৰাজ্যখনৰ আপেল খেতিয়কৰ মাজত হাহাকাৰ লাগিছে। বিশেষকৈ উদয়পুৰ অঞ্চলত বৰফে ঢাকি ধৰিছে আপেলৰ গছ।

লাহাউল-স্পিটি জিলাত বিস্তৰ ক্ষতি হৈছে আপেল খেতিৰ। পূৰ্বৰ বছৰৰ তুলনাত এই জিলাখনত আপেলৰ উৎপাদন যথেষ্ট হ্ৰাস হ'ব বুলি নিশ্চিত হৈ পৰিছে খেতিয়কসকল।

উল্লেখযোগ্য যে, এই অঞ্চলটোৰ পৰাই দেশৰ বিভিন্ন প্ৰান্তলৈ এই আপেল বিক্ৰীৰ বাবে পঠিওৱা হয়। হিমাচল প্ৰদেশৰ আন কিছু স্থানতো অনুৰূপ পৰিস্থিতিয়ে দেখা দিছে। সেয়েহে ইয়াৰ প্ৰভাৱ আপেলৰ গ্ৰাহকৰ ওপৰত পৰাৰ পূৰ্ণ সম্ভাৱনা আছে।