এমাহৰ ভিতৰত নিযুক্তি দিব নতুন উপ-পৰিচালন সঞ্চালক

এমাহৰ ভিতৰত নিযুক্তি দিব নতুন উপ-পৰিচালন সঞ্চালক

author-image
asomiyapratidin
New Update
এমাহৰ ভিতৰত নিযুক্তি দিব নতুন উপ-পৰিচালন সঞ্চালক

ডিজিটেল ডেস্কঃ এইচ ডি এফ চি বেংকৰ উপ-পৰিচালন সঞ্চালক পদৰ পৰা হঠাৎ অব্যাহতী ল'লে পৰেশ সুকথনকাৰে। ইয়াৰ পাছতেই বেংকটোৰ পৰিচালন সঞ্চালক তথা মুখ্যকাৰ্যবাহী বিষয়া আদিত্য পুৰীয়ে জানিবলৈ দিয়ে যে, এক মাহৰ ভিতৰতেই এই পদত নতুন নিযুক্তি দিয়া হব।

সোমবাৰে বেংকটোৰ বিনিয়োগকাৰীসকলৰ সৈতে এক ভিডিঅ কনফাৰেন্সযোগে আলোচনাত মিলিত হৈ এই কথা জানিবলৈ দিয়ে।

লগতে কয় যে, পৰেশ সুকথনাৰৰ পদত্যাগে বেংকটোৰ কাম-কাজত কোনো প্ৰভাৱ নেপালায়। সদ্যপদত্যাগী সুকথকাৰে ক্ৰেডিট, ফাইনেন্স আদি বিষয় চোৱাচিতা কৰিছিল।