ঔষধৰ নামত খাই আছে নেকি বৰবিহ!

ঔষধৰ নামত খাই আছে নেকি বৰবিহ!

author-image
asomiyapratidin
New Update
ঔষধৰ নামত খাই আছে নেকি বৰবিহ!

ডিজিটেল ডেস্কঃ  কেন্দ্ৰ চৰকাৰৰ স্বাস্থ্য মন্ত্ৰণালয়ে অচিৰেই সমগ্ৰ দেশতে তিনি শতাধিক ফিক্সড ড'জ কম্বিনেশ্যন ঔষধৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ সম্ভাৱনা আছে।

দেশৰ সৰ্বোচ্চ ড্ৰা'গ এডভাইচাৰি সমিতিৰ অনুৰোধত স্বাস্থ্য মন্ত্ৰণালয়ে এই সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। চৰকাৰৰ এই পদক্ষেপত প্ৰভাৱিত হব এব'টৰ দৰে আন্তৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ লগতে পিৰামল, মেকলডছ, চিপলা আৰু লুপিনৰ দৰে ঘৰুৱা ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানসমূহ ।

এই পদক্ষেপ কাৰ্যকৰী হ'লে সাধাৰণ ৰাইজে ব্যৱহাৰ কৰা ফেন্সিডাইল, চেৰিডন, ডিক'ল্ড ট'টেল, কফচিৰাপ আৰু বিষ নিবাৰক ঔষধসমূহৰ প্ৰচলনো বন্ধ হৈ পৰিব। এফ ডি চি ৰ এই ঔষধ সমূহৰ ওপৰত নিষেধজ্ঞাই ঔষধৰ বজাৰত যথেষ্ট প্ৰভাৱ পেলাব।