ভাল খবৰ! বিচাৰিলেই ভাৰতীয়ক ঋণ দিব গুগলে

ভাল খবৰ! বিচাৰিলেই ভাৰতীয়ক ঋণ দিব গুগলে

author-image
asomiyapratidin
New Update
ভাল খবৰ! বিচাৰিলেই ভাৰতীয়ক ঋণ দিব গুগলে

ডিজিটেল ডেস্কঃ আৰ্থিক নাটনিয়ে দেখা দিলে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। ঋণ ল'বলৈ আৰু ঘূৰি ফুৰিব নালাগিব বেংকৰ দুৱাৰে দুৱাৰে। দেশবাসীলৈ সু-খবৰ কঢ়িয়াই আনি এইবাৰ ঋণ দিবলৈ আগবাঢ়ি আহিছে গুগল। নিজস্ব ডিজিটেলে পেমেণ্ট সেৱাৰ প্ৰতি গ্ৰাহকসকলক আকৰ্ষিত কৰিবৰ বাবে ইতিমধ্যে একাধিক ভাৰতীয় বেকংৰ সৈতে চুক্তিৱদ্ধ হৈছে তথ্য-প্ৰযুক্তিৰ সম্ৰাট সদৃশ প্ৰতিষ্ঠানটোৱে।

বুধবাৰে নতুন দিল্লীত অায়োজিত এক অনুষ্ঠানত এই কথা ঘোষণা কৰে গুগলৰ নেক্সট বিলিয়ন ইউজাৰ্ছ তথা লেনদেন বিভাগৰ দায়িত্বত থকা শীৰ্ষ বিষয়া চিজাৰ সেনগুপ্তই। তেওঁ কয় যে এনে পদক্ষেপৰ জৰিয়তে লাখ লাখ ভাৰতীয়ই গুগলৰ জৰিয়তে সহজ বেংকিং সেৱা লাভ কৰিবলৈ সমৰ্থ হ'ব।

উল্লেখ্য যে বিগত বৰ্ষত ৰাষ্ট্ৰীয় সংযুক্ত পেমেণ্ট ইণ্টাৰফেচ চমুকৈ ইউ পি আই ব্যৱহাৰ কৰি গুগলে মুকলি কৰিছিল 'তেজ' নামৰ এপটো। কেবা কোটি ইউজাৰ থকা এই এপটোৰ আৰু উন্নতি ঘটাই এতিয়া 'গুগল পে' নামেৰে ব্ৰেণ্ডিং আৰম্ভ কৰিছে মাৰ্কিন তথ্য-প্ৰযুক্তি প্ৰতিষ্ঠানটোৱে। এই গুগল পে এপৰ জৰিয়তে ফেডাৰেল বেংক, এইছ ডি এপ চি বেংক, আই চি আই চি আই বেংক আৰু কটক মহিন্দ্ৰ বেংকৰ পৰা ইউজাৰসকলে তাৎক্ষণিকভাৱে ঋণ লাভ কৰিবলৈ সমৰ্থ হ'ব।

'আমি আৰু একাধিক বেংকৰ সৈতে আলোচনা অব্যাহত ৰাখিছো। সকলোৱে আমাৰ এই ব্যৱস্থাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে। এই ক্ষেত্ৰত অৱশ্যে আমি কোনো স্বত্ব বা ক্ষমতা ৰখা নাই। সকলো বেংকৰ হাততেই থাকি যাব। আমাৰ এপৰ জৰিয়তে বেংকে নিজৰ গ্ৰাহকসকলক বুজিবলৈ সমৰ্থ হ'ব। এই ক্ষেত্ৰত আমি গুৰুত্ব দিছো আমাৰ অভিজ্ঞতা আৰু জটিল পৰিস্থিতিক অধিক সৰল আৰু ত্বৰান্বিত কৰাৰ কৌশলক।'-আজিৰ অনুষ্ঠানত এইদৰে কয় গুগলৰ শীৰ্ষ বিষয়াগৰাকীয়ে।

ইফালে, গুগলৰ এই পদক্ষেপৰ পিছতে শংকিত হৈ পৰিছে ডিজিটেল পেমেণ্টৰ ক্ষেত্ৰত ভাৰতৰ বজাৰত একছত্ৰী সম্ৰাট হৈ পৰা পেটিএম। পেমেণ্ট বেংকৰ লগতে বীমা আৰু মিচুৱেল ফাণ্ডৰ ব্যৱসায়ত হাত দিবলৈ লোৱাৰ সময়তে বৃহৎ প্ৰতিষ্ঠান গুগলে কৰা শেহতীয়া এই ঘোষণাই ভিতৰি ভিতৰি শংকিত কৰি তুলিছে পেটিএমক।