/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/aa-Cover-338ge3jeaoluq9kk0rrvbmrbi2-20180501024119.Medi_.jpeg)
ডিজিটেল ডেস্কঃ দেশৰ অৰ্থনৈতিক অৱস্থাক লৈ স্বস্তিৰ নিশ্বাস এৰিছে মোডী চৰকাৰে। সাময়িক মন্দাৱস্থা অতিক্ৰমি সুস্থিৰ অৱস্থালৈ আহিছে ভাৰতীয় অৰ্থনীতি। এই অনুযায়ী প্ৰথমটো ত্ৰিমাসিকত (এপ্ৰিল-জুন) দেশৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ হাৰ হৈছে ৮.২ শতাংশ।
এই বৃদ্ধিৰ হাৰ যোৱা দুবছৰৰ ভিতৰত সৰ্বোচ্চ। ২০১৬ চনত প্ৰথমটো ত্ৰিমাসিকত দেশৰ ঘৰুৱা উৎপাদনৰ হাৰ ৯.০২ শতাংশ হোৱাৰ পিছত এইবাৰ পুনৰ হাৰ উৰ্ধগামী হোৱা দেখা গৈছে।
ঘৰুৱা উৎপাদনৰ এনে সন্তোষজনক বৃদ্ধিৰ হাৰৰ জৰিয়তে বিশ্বৰ দ্ৰুততম উন্নয়নশীল দেশৰ মৰ্যাদা অক্ষুন্ন ৰাখিবলৈ সমৰ্থ হৈছে ভাৰত। উল্লেখ্য যে ইয়াৰ পূৰ্বৰ ত্ৰিমাসিকত জিডিপিৰ হাৰ আছিল ৭.৭ শতাংশ।