/asomiyapratidin/media/media_files/2025/09/15/web-ap-2-1-2025-09-15-11-43-22.jpg)
ডিজিটেল ডেস্কঃ দেশৰ কৃষি খণ্ডক লৈ এটা ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰই। কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা কৃষক উৎপাদক সংস্থা (FPO) পৰিকল্পনাৰ অন্তৰ্গত ৫০ লাখ কৃষকে একেলগে ১০,০০০টা এফ পি অ' ত অংশীদাৰিত্ব গ্ৰহণ কৰিছে।
এই পদক্ষেপ ক্ষুদ্ৰ কৃষকসকলক একত্ৰিত কৰি শক্তিশালী কৰাৰ এক প্ৰয়াস। লগতে ইয়াৰ জড়িয়তে কৃষক সকলক প্ৰযুক্তি, বিত্তীয় সেৱা আৰু নৱীন উদ্যোগৰ সুবিধা প্ৰদান কৰা হ’ব। চৰকাৰে আশা প্ৰকাশ কৰিছে যে, এফ পি অ' গঠনৰ ফলত কৃষকসকলে নিজ উৎপাদনৰ ন্যায্য মূল্য লাভ কৰিব আৰু মধ্যস্থ লোকৰ প্ৰভাৱ হ্ৰাস পাব।
কৃষি মন্ত্ৰালয়ে জানিবলৈ দিছে যে, প্ৰত্যেক এফ পি অ'ত কৃষকসকলে অংশীদ্বাৰ হিচাপে যোগদান কৰিছে। ইয়াৰ ফলত তেওঁলোকে কেৱল উৎপাদক নহয়, নিজা সংগঠনৰ অংশীদাৰ ৰূপেও ভূমিকা পালন কৰিব।
কৃষি মন্ত্ৰালয়ৰ তথ্য অনুসৰি মুঠ অংশীদ্বাৰিত্ব ভিতৰত তেলেংগানা (০.৬৭ মিলিয়ন), উত্তৰ প্ৰদেশ (০.৫৯ মিলিয়ন), অন্ধ্ৰ প্ৰদেশ (০.৫৭ মিলিয়ন), মধ্যপ্ৰদেশ (০.৩২ মিলিয়ন) আৰু মহাৰাষ্ট্ৰ (০.৩ মিলিয়ন)ৰ ৫০%।
উল্লেখ কৰা প্ৰয়োজন যে, পাঁচ বছৰৰ বাবে ৬,৮৬৫ কোটি টকাৰ বাজেট ব্যৱস্থাৰে ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত ১০ হাজাৰ এফ পি অ’ গঠনৰ আঁচনিখন আৰম্ভ কৰা হৈছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us